চিটাৰা ডেস্ক, ১৩ ডিচেম্বৰ : ব্ৰেকআপৰ খবৰৰ বাবে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে হিমাংশী খুৰানাই । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে অসীম ৰিয়াজৰ সৈতে ব্ৰেকআপৰ বিষয়ে এটা পোষ্টৰ জৰিয়তে ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে প্ৰকাশ কৰে ।
এই কথা ঘোষণা কৰাৰ পিচতে ছ’চিয়েল মিডিয়াত ব্যাপক ট্ৰ’লৰ সন্মুখীন হয় হিমাংশী খুৰানা ৷ ইয়াৰ মাজতে এতিয়া অভিনেত্ৰীগৰাকীয়ে মনৰ শান্তিৰ বাবে চাৰি ধামৰ যাত্ৰালৈ গৈছে, যাৰ ফটো অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ।
চাৰি ধাম যাত্ৰালৈ হিমাংশী খুৰানা
বহু বছৰ ধৰি অসীমৰ সৈতে সম্পৰ্কত থাকি অৱশেষত বিচ্ছেদৰ কথা ঘোষণা কৰিছিল হিমাংশী খুৰানাই । যাৰ বাবে হিমাংশী আৰু অসীম ৰিয়াজৰ বিচ্ছেদৰ খবৰে স্তম্ভিত কৰি তুলে তেওঁলোকৰ অনুৰাগীক । ইফালে এই সিদ্ধান্তৰ বাবে একাংশই যদি সমৰ্থন কৰিছে, আন একাংশই আকৌ ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰাও দেখা গৈছে হিমাংশীক ৷ এনে পৰিস্থিতিত অভিনেত্ৰীগৰাকী অতিশয় চিন্তিত হৈ পৰে । সেয়েহে, মনৰ শান্তিৰ বাবে অভিনেত্ৰীগৰাকীয়ে মাতৃৰ সৈতে চাৰি ধামৰ যাত্ৰাত গৈছে ।
হিমাংশীয়ে ইনষ্টাগ্ৰামত এই যাত্ৰাৰ কিছু ফটো শ্বেয়াৰ কৰিছে, য’ত তেওঁক জগন্নাথ মন্দিৰ দৰ্শন কৰা দেখা গৈছে । এই সময়চোৱাত অভিনেত্ৰীগৰাকীয়ে ছ্যুট-ছালৱাৰ পৰিধান কৰি কপালত চন্দনৰ ফুট লগোৱা দেখা গৈছে আৰু কেপচনত লিখিছে, ‘‘মাতৃৰ সৈতে জগন্নাথ পুৰীলৈ, চাৰি ধাম যাত্ৰাত ।’’