চিটাৰা ডেস্ক, 28 জানুৱাৰী :এছ এছ ৰাজামৌলীৰ আৰ আৰ আৰয়েই হওক বা বাহুবলীয়েই হওক, দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ প্ৰায় প্ৰতিখন ছবিয়েই ছুপাৰহিট ছবিৰ তালিকাত নিজৰ নাম অন্তৰ্ভূক্ত কৰিছে । বলীউডৰ সমান্তৰালকৈ এতিয়া চলচ্চিত্ৰপ্ৰেমী দৰ্শক দক্ষিণৰ ছবিৰ অনুৰাগী হৈ পৰিছে ৷ দক্ষিণৰ তাৰকাসকলৰ অনুৰাগী দেশজুৰি বিয়পি আছে ৷ পাৰিশ্ৰমিকৰ ক্ষেত্ৰত দক্ষিণৰ অভিনেতাসকলে বলীউডৰ অভিনেতাসকলকো পিছ পেলাইছে (Highest Paid South Actors) ৷ জানো আহক এইসকল তাৰকাই প্ৰতিখন ছবিৰ বিনিময়ত কিমানকৈ পাৰিশ্ৰমিক লয় (South Actors fees) ?
ৰজনীকান্ত 120 কোটি টকা:কলীউডৰ প্ৰথমজন অভিনেতা হ’ল ৰজনীকান্ত যিয়ে তিনি অংকৰ পাৰিশ্ৰমিক লয় । অৱশ্যে তেওঁৰ শেহতীয়া ছবিবোৰে বৰ সুন্দৰ প্ৰদৰ্শন কৰিব পৰা নাছিল, সেয়েহে এতিয়া পূৰ্বতকৈ তেওঁৰ মাচুল কমিছে ।
কমল হাছান: বিক্ৰমৰ মেগা বক্স অফিচ সফলতাৰ পিছত কমল হাছানৰ বজাৰ মূল্য ৫০ কোটি টকা বুলি জানিব পৰা গৈছে । তথ্য অনুসৰি তেওঁ প্ৰতিখন ছবিৰ বাবে ৫০ কোটিৰো অধিক পাৰিশ্ৰমিক লয় ।
বিজয় 115 কোটি:বিজয় তামিল চিনেমাৰ সেই বিৰল তাৰকাসকলৰ ভিতৰত অন্যতম, যাৰ ছবি যিকোনো প্ৰকাৰেই হিট হয় । বিজয়ৰ মূল্য বহু বলীউড তাৰকাতকৈ ওপৰত ৷
অজিত 105 কোটি: দক্ষিণৰ জনপ্ৰিয় তাৰকাসকলৰো কথা কওঁতে অজিতৰ নাম শীৰ্ষত আহে । তথ্য অনুসৰি বনী কাপুৰৰ সৈতে তেওঁৰ 3 খন ছবিৰ চুক্তি আছে ।
সূৰ্য়া 70 কোটি: 2022 চনত অভিনেতা সূৰ্য়াক এখন ছবিৰ বাবে 55 কোটি টকা দিয়া হৈছিল ।
ৰাম চৰণ তেজা 40 কোটি: ৰাম চৰণ গোলকীয়ভাৱে জনপ্ৰিয় এগৰাকী চলচ্চিত্ৰ অভিনেতা । কিংবদন্তি অভিনেতা মেগাষ্টাৰ চিৰঞ্জীৱী পুত্ৰ তেওঁ ৷
শিৱকৰ্থিকেয়ন 35 কোটি: শিৱকৰ্থিকেয়ান হৈছে নৱ প্ৰজন্মৰ অভিনেতাসকলৰ মাজৰ এজন যিয়ে দ্ৰুতগতিত ওপৰলৈ গতি কৰিছে । ইখনৰ পিছত সিখনকৈ হিট ছবিৰ বাবে তেওঁৰ পাৰিশ্ৰমিক বৃদ্ধি পাইছে ।