চিটাৰা ডেস্ক, 18 অক্টোবৰ:মুকলি হ’ল শিল্পা শ্বেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ জীৱন আৰু ইয়াৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ ঘটনাৰ আধাৰত নিৰ্মিত ছবি 'UT 69'ৰ ট্ৰেইলাৰ । বিশেষ কথাটো হ’ল যে ছবিখনত ৰাজ কুন্দ্ৰাই নিজেই নিজৰ চৰিত্ৰত অভিনয় কৰিছে । এ এ ফিল্মছৰ বেনাৰত নিৰ্মিত এই ছবিখন পৰিচালনা কৰিছে শ্বাহনৱাজ আলীয়ে । অহা ৩ নৱেম্বৰত ছবিগৃহত মুক্তি পাব ‘UT 69’ ।
'UT 69' ছবিখন ৰাজ কুন্দ্ৰাৰ বায়'পিক ছবি । ছবিখনৰ ট্ৰেইলাৰত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে প্ৰাপ্তবয়স্ক ছবি নিৰ্মাণৰ অভিযোগ আৰু তাৰ পিচত জেইলত কটোৱা জীৱনৰ আভাস দেখুওৱা হৈছে । ট্ৰেইলাৰত দেখুওৱা হৈছে যে ৰাজ কুন্দ্ৰাই কেনেদৰে প্ৰাপ্তবয়স্ক ছবি নিৰ্মাণৰ অভিযোগত জেইললৈ যাবলগীয়া হৈছিল আৰু তাৰ পিচত তাত থকা আৰক্ষী আৰু কয়দীসকলে তেওঁৰ লগত কেনে ব্যৱহাৰ কৰিছিল সেই বিষয়ে দেখুওৱা হৈছে । জেইলত এফালে যদি আৰক্ষীয়ে তেওঁক উলংগ কৰি পেলায়, আনফালে কয়দীসকলে বিশ্বাস কৰিব নোৱাৰে যে তেওঁ সঁচাকৈয়ে অভিনেত্ৰী শিল্পা শ্বেট্টীৰ স্বামী ।
স্বামীৰ প্ৰশংসাত পঞ্চমুখ হ’ল শিল্পা শ্বেট্টী