চিটাৰা ডেস্ক, 23 ডিচেম্বৰ : বাংলাদেশী-ছুইডেনৰ লেখিকা তছলিমা নাছৰিনে শেহতীয়াকৈ অমিতাভ বচ্চনে নিজৰ পুত্ৰক প্ৰশংসা কৰা দেখি ঠাট্টাৰ সুৰত এটা টুইট কৰিছিল ৷ অমিতাভে পুত্ৰক ইমানেই ভাল পায় যে তেওঁ "নিজৰ সকলো প্ৰতিভা উত্তৰাধিকাৰী সূত্ৰে পাইছে" আৰু "শ্ৰেষ্ঠ" বুলি ভাবে, এই বুলি অভিষেকক কটাক্ষ কৰিছিল নাছৰিনে ৷ বাংলাদেশী-ছুইডেনৰ লেখিকা তছলিমা নাছৰিনৰ বৰ্তমানে ডিলিট কৰি পেলোৱা এই টুইটটোক (Taslima Nasreen twitter) লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিষেক বচ্চনে । নিজৰ বুদ্ধিমত্তাৰে ট্ৰ’লক নিস্তব্ধ কৰি ৰখাৰ বাবে পৰিচিত অভিষেকে টুইটাৰত কি উত্তৰ দিলে চাও আহকচোন ৷
টুইটাৰযোগে কমেণ্ট ছেকচনত নাছৰিনক উত্তৰ দি অভিষেক কয়- "একদম শুদ্ধ । মেম । যিকোনো কথা বা প্ৰতিভাকে ধৰি কোনো তেওঁৰ সমপৰ্যায়ৰ হ’ব নোৱাৰে । তেওঁ সদায় 'শ্ৰেষ্ঠ' হৈ থাকিব ! মই এজন অত্যন্ত গৌৰৱান্বিত পুত্ৰ" ৷
পূৰ্বে নাছৰিনে কৰা টুইটটোত উল্লেখ আছিল যে, "অমিতাভ বচ্চন জীয়ে নিজৰ পুত্ৰ অভিষেক বচ্চনক ইমানেই ভাল পায় যে তেওঁ ভাবে তেওঁৰ পুত্ৰই তেওঁৰ সকলো প্ৰতিভা উত্তৰাধিকাৰী সূত্ৰে পাইছে আৰু তেওঁৰ পুত্ৰই শ্ৰেষ্ঠ । অভিষেক ভাল, কিন্তু অভিষেক অমিতজীৰ দৰে প্ৰতিভাশালী বুলি মই নাভাবো" ৷