অসম

assam

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 8:00 PM IST

ETV Bharat / entertainment

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত পৰিৱেশন হ’ব ৰামায়ণ

Hema Malini in Ayodhya: প্ৰথমবাৰৰ বাবে অযোধ্যাত উপস্থিত হৈ আনন্দ প্ৰকাশ কৰিছে হেমা মালিনীয়ে, ‘ড্ৰীম গাৰ্ল’ এ ৰামায়ণত সীতাৰ চৰিত্ৰত অভিনয় কৰিব ৷

HEMA MALINI
সীতাৰ ৰূপত হেমা মালিনী

চিটাৰা ডেস্ক, 17 জানুৱাৰী :বলীউডৰ ড্ৰীম গাৰ্ল হেমা মালিনী প্ৰথমবাৰৰ বাবে অযোধ্যাত উপস্থিত হৈছে, য’ত ২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব । এই উপলক্ষে তাত পৰিৱেশন হ’বলগীয়া ৰামায়ণত অভিনেত্ৰীগৰাকীয়ে সীতাৰ চৰিত্ৰত অভিনয় কৰিব বুলি জানিব পৰা গৈছে ।

মথুৰাৰ সাংসদ হেমা মালিনীয়ে ১৭ জানুৱাৰীত ৰাম মন্দিৰৰ বিশাল 'প্ৰাণ প্ৰতিষ্ঠা' অনুষ্ঠানৰ পূৰ্বে অযোধ্যা ভ্ৰমণ কৰে । তেওঁ কয় যে, সমগ্ৰ বলীউড ৰামময় হৈ আছে আৰু শিল্পীসকলে ভক্তিমূলক গান গাই আছে । উদ্বোধনী অনুষ্ঠানত তেওঁ কৰিবলগীয়া অভিনয়ৰ তথ্য দি কয়, ‘মই প্ৰথমবাৰৰ বাবে অযোধ্যালৈ আহিছো আৰু আমি সকলোৱে একেলগে ৰামায়ণত অভিনয় কৰিবলৈ ওলাইছো ৷ মই ৰামায়ণত সীতাৰ ৰূপত অভিনয় কৰিবলৈ আগবাঢ়িছো । এই কাৰ্যসূচীটো স্বামী ৰামভদ্ৰাচাৰ্যই আয়োজন কৰিছে আৰু মই ভাগ্যৱান যে মই এই সময়ছোৱাত ইয়ালৈ আহিছো ।’

অভিনেত্ৰীগৰাকীয়ে মন্তব্য কৰে যে, "এই কাৰ্যসূচী স্বামী ভদ্ৰাচাৰ্যই আয়োজন কৰিছে আৰু ই ১০ দিন ধৰি চলিব য’ত ৰামায়ণো পৰিৱেশন কৰা হ’ব, যাৰ বাবে মোক ইয়াত আমন্ত্ৰণ জনোৱা হৈছে । মই ৰামায়ণত সীতাৰ চৰিত্ৰত অভিনয় কৰিম আৰু মই নিজকে ভাগ্যৱান বুলি বিবেচনা কৰোঁ যে মই ইয়াত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছো । এইটো মোৰ সৌভাগ্য যে মোক এনে এটা অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে ।" এই সময়ছোৱাত সমগ্ৰ দেশখনেই ৰামময় হৈ আছে, ঠিক সেইদৰে বলীউডো ৰামময় হৈ আছে নেকি বুলি সাংবাদিকে সোধাত তেওঁ কয় যে, বলীউডতো সকলো ৰামময় হৈ আছে । সকলোৱে ৰামক আদৰণি জনাবলৈ সাজু হৈ আছে ।

২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ অভিষেক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । চলচ্চিত্ৰ জগতৰ বহু ব্যক্তিত্বলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে । আলিয়া-ৰণবীৰ, জেকী শ্ৰফ, টাইগাৰ শ্ৰফ, ৰণদীপ হুডা-লিন লাইশ্ৰম, ৰামচৰণ-উপাসনা, কংগনা ৰণৌত, চনু নিগম আদি বলীউডৰ তাৰকালৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক :অযোধ্যাত উপস্থিত ৰামায়ণ খ্যাত অৰুণ গোভিল, সুনীল লাহিড়ী, দীপিকা চিখলীয়া

ABOUT THE AUTHOR

...view details