অসম

assam

Hema Malini: বিহুক বিহাৰৰ উৎসৱ বুলি কোৱা হেমা মালিনীয়ে অৱশেষত ক্ষমা বিচাৰি ক’লে,আই এম ছ'ৰী

By

Published : Apr 14, 2023, 1:43 PM IST

শেহতীয়া টুইটত হেমা মালিনীয়ে বিহুক অসমৰ উৎসৱৰ পৰিৱৰ্তে বিহাৰৰ উৎসৱ বুলি অভিহিত কৰিছিল । ইয়াৰ পিচতে নেটিজেনৰ ক্ষোভৰ সন্মুখীন হ’ব লগা হৈছে অভিনেত্ৰীগৰাকী (Hema Malini gets brutally trolled) ৷ পুনৰ ক্ষমা বিচাৰি টুইট কৰিলে অভিনেত্ৰী তথা বিজেপিৰ সাংসদগৰাকীয়ে ৷

Hema Malini gets brutally trolled as she mistakes Bihu as festival of Bihar says I am sorry
মালিনীয়ে অৱশেষত ক্ষমা বিচাৰিলে

চিটাৰা ডেস্ক, 14 এপ্ৰিল: বিহু হৈছে অসমত উদযাপিত এক গুৰুত্বপূৰ্ণ উৎসৱ আৰু ৰঙালী বিহুত অসমীয়া নৱবৰ্ষৰ আৰম্ভণি হয় । শেহতীয়াকৈ অসমৰ বিহুৱে গীনিজ বুকুত অভিলেখ ৰচনা কৰাৰ সময়তে বিহু সন্দৰ্ভত বলীউডৰ মোহময়ী অভিনেত্ৰী তথা বিজেপিৰ সাংসদ হেমা মালিনীয়ে কৰা এটা টুইটে সম্প্ৰতি তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়াত (Hema Malini Tweet for Bihu) ৷

শেহতীয়া টুইটত হেমা মালিনীয়ে বিহুক বিহাৰৰ উৎসৱ বুলি ভুলকৈ অভিহিত কৰিছিল (Bihu festival of Bihar) । ইয়াৰ ফলত ছ’চিয়েল মিডিয়াত নেটিজেনৰ সমালোচনা আৰু ট্ৰ’লিঙৰ সন্মুখীন হয় অভিনেত্ৰীগৰাকী। নেটিজেনৰ ক্ষোভৰ সন্মুখীন হোৱাৰ পিচতে এক নতুন টুইটত বলীউডৰ প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰিছে (Hema Malini Apologises Over Bihu Festival Tweet)।

হেমা মালিনীয়ে বিহুক 'বিহাৰ উৎসৱ' বুলি অভিহিত কৰিছিল

ইয়াৰ পূৰ্বে এটা টুইটত হেমা মালিনীয়ে লিখিছিল, "এতিয়া হাৰ্ভেষ্টৰ বতৰ । তামিজ পুথাণ্ডু (নতুন বছৰ), বৈছাখী (পাঞ্জাব), বিহু (বিহাৰ) আৰু পোহেলা বৈছাখ বা নবা বৰষা (বংগ) আদি কিছুমান উৎসৱ পালন কৰা হয় । আপোনালোক সকলোকে এই উৎসৱৰ মাহৰ শুভেচ্ছা থাকিল ।"

হেমা মালিনীয়ে নিজৰ ভুলটো লক্ষ্য কৰি ক্ষমা বিচাৰি আন এটা টুইট কৰিলে

নিজৰ ভুলটো লক্ষ্য কৰাৰ পিচত হেমা মালিনীয়ে ক্ষমা প্ৰাৰ্থনা হিচাপে আন এটা টুইট লিখিলে। বিজেপি সাংসদগৰাকীয়ে নিজৰ টুইটত লিখিছে, "ভুলতে মই বিহুক বিহাৰত উদযাপিত উৎসৱ বুলি কৈছিলো । ক্ষমা কৰিব ! বিহু, অসমৰ উৎসৱ ।"

অনুৰাগীয়ে ট্ৰ’ল কৰিলে হেমা মালিনীক

ইয়াৰ পূৰ্বে কৰা কৰা টুইটটোত অনুৰাগীয়ে ট্ৰ’ল কৰিছিল অভিনেত্ৰীগৰাকীক । কটুক্তিৰে এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে "ঠিক আছে ! বিহু বিহাৰৰ!" আনহাতে আন এজনে লিখিছে, "আপুনি একেবাৰে ভুল কৰিছে মেডাম, বিহু কেৱল অসমৰ, আমি আজি এটা স্থানত সৰ্বাধিক সংখ্যক গ্ৰুপ ডান্স পৰিৱেশক হিচাপে গিনিজ বিশ্ব অভিলেখ অৰ্জন কৰিলোঁ ।"

আন এজনে শ্বেয়াৰ কৰিছে, "মেম বিহু অসমৰ । অনুগ্ৰহ কৰি আপোনাৰ টুইটটো শুধৰাই দিয়ক ৷ " এজন লিখিছে, "সেইবাবেই শিক্ষা জীৱনৰ অবিচ্ছেদ্য অংগ ! বিহু অসমৰ ! ই আমাৰ গৌৰৱ।"

লগতে পঢ়ক:Hema Malini tweet: বিহুক বিহাৰৰ সজোৱা সাংসদ হেমা মালিনীৰ টুইটে লগাইছে তোলপাৰ

ABOUT THE AUTHOR

...view details