অসম

assam

Hema Malini: বিবাহিত ধৰ্মেন্দ্ৰৰ সৈতে সম্পৰ্ক ৰখাৰ বাবে হেমা মালিনীৰ ওপৰত ক্ষুব্ধ হৈ পৰিছিল পিতৃ

By

Published : Jun 23, 2023, 5:43 PM IST

হেমা মালিনীৰ আৰু ধৰ্মেন্দ্ৰৰ প্ৰেম কাহানী কোনো ছবিতকৈ কম নহয় ৷ প্ৰেমৰ বাবেই দুয়োৱে নিজৰ ধৰ্ম পৰিৱৰ্তন কৰি বিবাহপাশত আৱদ্ধ হৈছিল ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Hema Malini Father Was Upset With Her For Marrying Dharmendra
হেমা মালিনীৰ আৰু ধৰ্মেন্দ্ৰৰ প্ৰেম কাহানী

চিটাৰা ডেস্ক, 23 জুন: হেমা মালিনী আৰু ধৰ্মেন্দ্ৰৰ প্ৰেম কাহিনী সকলোৱে জানে । ধৰ্মেন্দ্ৰ চাৰিটা সন্তানৰ পিতৃ হোৱা স্বত্বেও দ্বিতীয়বাৰৰ বাবে হেমা মালিনীৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৷ অৱশ্যে হেমাক বিয়া কৰোৱাৰ পিচতো প্ৰথমা পত্নী প্ৰকাশ কৌৰৰ সৈতে বিবাহ বিচ্ছেদ নকৰিলে অভিনেতাগৰাকীয়ে । এনে পৰিস্থিতিত যেতিয়া হেমা মালিনীৰ পিতৃয়ে নিজ কন্যা আৰু ধৰ্মেন্দ্ৰৰ সম্পৰ্কৰ কথা জানিব পাৰে, তেতিয়া তেওঁ জীয়েকক লৈ ক্ষোভিত হৈ পৰিছিল । এয়া আমি কোৱা কথা নহয়, হেমাই নিজেও এবাৰ সংবাদ মাধ্যমত এই কথা শ্বেয়াৰ কৰিছিল ৷

ধৰ্মেন্দ্ৰৰ প্ৰেমত পৰিছিল হেমা

হেমাই কেতিয়াও ভবা নাছিল যে তেওঁ ধৰ্মেন্দ্ৰৰ লগত বিয়া হ’ব । এবাৰ আপ কি আদালতত ৰজত শৰ্মাই হেমা মালিনীক তেওঁৰ আৰু ধৰ্মেন্দ্ৰৰ প্ৰেম কাহিনীৰ বিষয়ে সোধাত অভিনেত্ৰীগৰাকীয়ে কৈছিল, ‘যেতিয়া মই তেওঁক প্ৰথম লগ পাইছিলো তেতিয়া মই কেতিয়াও ভবা নাছিলো যে তেওঁ মোৰ জীৱন সংগী হ’ব । বহু পিচত তেওঁৰ প্ৰেমত পৰিছিলো ।

ধৰ্মেন্দ্ৰ আৰু হেমাৰ সম্পৰ্কক লৈ অভিনেত্ৰীগৰাকীৰ পিতৃ অতিশয় বিচলিত হৈ পৰিছিল

ধৰ্মেন্দ্ৰ আৰু হেমাৰ বিয়াৰ বাবে মান্তি হোৱা নাছিল হেমাৰ পিতৃ ৷ যেতিয়া হেমাক এই বিষয়ে সোধা হৈছিল তেতিয়া অভিনেত্ৰীগৰাকীয়ে হাঁহি হাঁহি কৈছিল, ‘সাধাৰণ কথা, খং কৰিবলগীয়া কথা, কাৰণ ধৰ্মেন্দ্ৰৰ ইতিমধ্যে বিয়া হৈছিল ।’

হেমা মালিনী আজিও আঁতৰি থাকে ধৰ্মেন্দ্ৰৰ প্ৰথম পৰিয়ালৰ পৰা

ড্ৰিম গাৰ্ল হেমা মালিনী আৰু ধৰ্মেন্দ্ৰৰ বিবাহ পৰিয়ালৰ বিৰুদ্ধে ১৯৮০ চনত হয় । দুয়োগৰাকীৰে ইগৰাকীৰ সিগৰাকীৰ প্ৰতি আছিল অগাধ প্ৰেম ৷ এই প্ৰেমৰ বাবেই ধৰ্মেন্দ্ৰ বিবাহিত হোৱা স্বত্বেও হেমাক দ্বিতীয়বাৰৰ বাবে বিয়া কৰায় ৷ যদিও সেই সময়ত ধৰ্মেন্দ্ৰই প্ৰথমা পত্নী প্ৰকাশ কৌৰৰ সৈতে বিবাহ বিচ্ছেদ কৰা নাছিল ৷ প্ৰকাশ আৰু ধৰ্মেন্দ্ৰৰ পৰা ছানী দেওল, ববি দেওল, বিজেতা আৰু অজেতাকে ধৰি চাৰিটা সন্তান আছিল। এনে অৱস্থাত ধৰ্মেন্দ্ৰই ইছলাম ধৰ্ম গ্ৰহণ কৰি হেমাৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় ।

লগতে পঢ়ক:PM Modi in US: আমেৰিকাত নাটু নাটুৰ ওপৰত নৃত্য কৰে শিশুসকলে- হোৱাইট হাউছত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

ABOUT THE AUTHOR

...view details