অসম

assam

ETV Bharat / entertainment

Hema Malini 75th B'Day: 'ড্ৰিম গাৰ্ল'ৰ পৰা 'বসন্তি'লৈকে এইসমূহ আইকনিক চৰিত্ৰৰ বাবে জনপ্ৰিয় হেমা মালিনী - হেমা মালিনী

আজি চিৰসেউজ অভিনেত্ৰী হেমা মালিনীৰ 75 তম জন্মদিন । এই বিশেষ দিনটোত জানো আহক অভিনেত্ৰীগৰাকীৰ কিছুমান আইকনিক চৰিত্ৰৰ বিষয়ে, যি চৰিত্ৰত দৰ্শকৰ মনত পেলাইছিল গভীৰ ছাপ এৰিছিল ৷

Hema Malini 75th birthday know the popular characters from her hit films
হেমা মালিনীৰ 75 তম জন্মদিন

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 12:38 PM IST

চিটাৰা ডেস্ক, 16 অক্টোবৰ: বলীউডৰ আইকনিক চৰিত্ৰ ‘ড্ৰিম গাৰ্ল’ আৰু ‘বসন্তী’ নামেৰে জনপ্ৰিয় হেমা মালিনীৰ আজি ৭৫ সংখ্যক জন্মদিন । বলীউডৰ পৰা ৰাজনীতিলৈ যাত্ৰা কৰা হেমা মালিনী এতিয়াও শ্বোলেৰ ‘বসন্তি’ আৰু ‘ড্ৰিম গাৰ্ল’ চৰিত্ৰৰ বাবে পৰিচিত । চিৰসেউজ অভিনেত্ৰীগৰাকীয়ে এতিয়াও অনুৰাগীৰ পৰা লাভ কৰে অভূতপূৰ্ব মৰম । উৎকৃষ্ট অভিনয়েৰে তেওঁ কেৱল হিন্দী চিনেমাতে নহয়, দক্ষিণৰ চলচ্চিত্ৰ জগততো নিজৰ নাম বনাবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে ১৯৪৮ চনৰ ১৬ অক্টোবৰত চেন্নাইত তামিল আয়েংগাৰ ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল হেমা মালিনীয়ে । দক্ষিণ চলচ্চিত্ৰ উদ্যোগত কিছু ভূমিকা পালন কৰি তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । ইয়াৰ পিচত ৰাজ কাপুৰৰ বিপৰীতে মুখ্য অভিনেত্ৰী হিচাপে নিৰ্বাচিত হৈছিল হেমা মালিনী । ইয়াৰ পৰাই আৰম্ভ হয় তেওঁৰ কেৰিয়াৰৰ শিখৰত উপনীত হোৱাৰ যাত্ৰা আৰু লাভ কৰে মনোৰঞ্জন জগতৰ ‘ড্ৰিম গাৰ্ল’ৰ নাম।

সীতা ঔৰ গীতা (১৯৭২)

হেমা মালিনীয়ে সীতা ঔৰ গীতাৰ দ্বৈত চৰিত্ৰত অভিনয় কৰি সকলোৰে হৃদয় জয় কৰিছিল । ছবিখনৰ দুয়োটা চৰিত্ৰৰ বাবে তেওঁ যথেষ্ট প্ৰশংসা লাভ কৰিছিল । তেওঁৰ স্বামী ধৰ্মেন্দ্ৰই ছবিখনত সহ-অভিনেতাৰ চৰিত্ৰত অভিনয় কৰিছিল । এই ছবিখনৰ জৰিয়তে হেমা মালিনীয়ে নিজকে এগৰাকী উৎকৃষ্ট অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিছিল ।

সীতা ঔৰ গীতা (১৯৭২)

বসন্তী (শ্বোলে, ১৯৭৫)

বসন্তীৰ চৰিত্ৰত তেওঁৰ ভূমিকাই দৰ্শকৰ মাজত তেওঁৰ অন্য এক ছাপ এৰিছিল । তেওঁৰ এই ভূমিকা আজিও বহু অভিনয়ত দেখা যায় । বসন্তীৰ চৰিত্ৰত কেৱল তেওঁৰ সৌন্দৰ্যই নহয়, তেওঁৰ কথা কোৱাৰ ধৰণ আৰু জনপ্ৰিয় সংলাপ ‘য়ুন কি, য়ে কৌন বলা ?’ আজিলৈকে সকলোৰে মনত আছে ৷

বসন্তী (শ্বোলে, ১৯৭৫)

চম্পাবাই (ড্ৰিম গাৰ্ল, ১৯৭৭)

১৯৭৭ চনত মুক্তি পোৱা এইখন ছবিৰ বাবেই, ‘ড্ৰিম গাৰ্ল’ নামেৰে পৰিচিত হৈছিল হেমা মালিনী । এই ৰোমান্টিক কমেডী ছবিখনত হেমা মালিনীয়ে পাঁচটা ভিন্ন চৰিত্ৰত অভিনয় কৰিছে – সপনা, পদ্মা, চম্পাবাই, ড্ৰিম গাৰ্ল আৰু ৰাজকুমাৰী, যিয়ে অনাথ শিশুৰ ঘৰ ৰক্ষণাবেক্ষণৰ স্বাৰ্থত ধন চুৰি কৰে । এই ছবিখনত তেওঁৰ অভিনয়ে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিছিল ৷

চম্পাবাই (ড্ৰিম গাৰ্ল, ১৯৭৭)

ইন্দু আৰ. আনন্দ (সত্তে পে সত্তা, ১৯৮২)

হেমা মালিনীক পুনৰবাৰ অমিতাভ বচ্চনৰ সৈতে সত্তে পে সত্তা ছবিখনত দেখা গৈছিল । এই ছবিখনত তেওঁক অমিতাভৰ ৭ জন ভাতৃৰ দায়িত্ব লোৱা দেখা গৈছিল । প্ৰেমৰ লগতে খং, দুখ আৰু যত্নৰ দৰে আবেগ থকা ইন্দুৰ চৰিত্ৰত অভিনয় কৰিছিল ।

পূজা মালহোত্ৰা (বাগবান, ২০০৩)

বাঘবান এনেকুৱা এখন চিনেমা যিয়ে দৰ্শকক কান্দিবলৈ বাধ্য কৰিছিল ৷ যদি আন কোনো অভিনেত্ৰীয়ে পূজাৰ চৰিত্ৰত অভিনয় কৰিলেহেঁতেন তেন্তে হয়তো ছবিখনে ইমান জনপ্ৰিয়তা লাভ নকৰিলেহেঁতেন ৷ এই চৰিত্ৰটোত হেমা মালিনীক নিখুঁত যেন লাগিছিল ৷ যিকোনো প্ৰজন্মৰ লোকে এই ছবিখন চাই বুজিব পাৰিব যে পূজাই সন্তানৰ স্বাৰ্থত কি কি কৰিব লগা হৈছিল ।

পূজা মালহোত্ৰা (বাগবান, ২০০৩)

লগতে পঢ়ক:Lata Mangeshkar Birthday Special: কিয় আধৰুৱা হৈ ৰ’ল লতা মংগেশকাৰৰ প্ৰেম কাহিনী ? কিয় বিয়া নহ’ল লতাজী ? সবিশেষ জানক প্ৰতিবেদনত

ABOUT THE AUTHOR

...view details