চিটাৰা ডেস্ক, 26 নৱেম্বৰ : কোচিত ‘টাইগাৰ ৩’ৰ গায়িকা নিখিতা গান্ধীৰ সংগীতানুষ্ঠানত এক ভয়াৱহ ঘটনা সংঘটিত হয় ৷ নিখিতা গান্ধীৰ সংগীতানুষ্ঠানত প্ৰাণ হেৰুৱাইছে চাৰিগৰাকী শিক্ষাৰ্থীয়ে । ইফালে চাৰিগৰাকী শিক্ষাৰ্থীৰ মৃত্যুক কেন্দ্ৰ কৰি সম্পূৰ্ণৰূপে ভাঙি পৰিছে নিকিতা গান্ধী । ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কণ্ঠশিল্পীগৰাকীয়ে দুখ প্ৰকাশ কৰিবলৈ তেওঁৰ তাত কোনো শব্দ নাই বুলি উল্লেখ কৰে ।
আচলতে, শনিবাৰে (২৫ নৱেম্বৰ, ২০২৩) কেৰালাৰ কোচিত থকা কোচিন বিশ্ববিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ কিন্তু হঠাতে এই অনুষ্ঠানত হুলস্থুলৰ সৃষ্টি হয় । এই অনুষ্ঠানত কণ্ঠশিল্পী নিখিতা গান্ধীয়ে সংগীত পৰিৱেশন কৰাৰ কথা আছিল । কিন্তু সংগীত পৰিৱেশনৰ আগতেই উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷ এই পৰিস্থিতি লাহে লাহে ইমানেই বেয়াৰ ফালে ঢাল খালে যে চাৰিগৰাকী শিক্ষাৰ্থীয়ে প্ৰাণ হেৰুৱাৰ লগতে ৬০ গৰাকীতকৈ অধিক লোক আহত হ’ব লগা হয় ।
এই ঘটনাত মৰ্মাহত নিখিতা গান্ধী
ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি নিখিতা গান্ধীয়ে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে । ইনষ্টাগ্ৰাম ষ্ট’ৰীত কণ্ঠশিল্পীগৰাকীয়ে লিখিছে, "আজি সন্ধিয়া কোচিত যি ঘটিল তাৰ বাবে মই মৰ্মাহত হৈছো । মই মঞ্চত সংগীত কৰিবলৈ যোৱাৰ আগতেই এনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয় । গভীৰভাৱে মই দুখী অনুভৱ কৰিছো । ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলো’’ ।
কোচিন বিশ্ববিদ্যালয়ত কিয় এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল ?