অসম

assam

ETV Bharat / entertainment

Heart of Stone Trailer: খলনায়কৰ ৰূপত হলিউডত দেখা যাব আলিয়া ভাটক, চাওক হাৰ্ট অৱ ষ্টোনৰ ট্ৰেইলাৰ

আলিয়া ভাটৰ প্ৰথমখন হলিউড ছবি হাৰ্ট অৱ ষ্টোনৰ ট্ৰেইলাৰ মুকলি । হাৰ্ট অৱ ষ্টোনত ভিলেইনৰ অৱতাৰত দেখা গৈছে আলিয়া ভাটক। চাওক ছবিখনৰ ট্ৰেইলাৰ ৷

By

Published : Jun 18, 2023, 12:08 PM IST

Heart of Stone trailer: Alia Bhatt takes stuns as antagonist in Hollywood debut film featuring Gal Gadot and Jamie Dornan
আলিয়া ভাটৰ হাৰ্ট অৱ ষ্টোন ট্ৰেইলাৰ

চিটাৰা ডেস্ক, 18 জুন: অৱশেষত মুক্তি পালে আলিয়া ভাটৰ আটাইতকৈ প্ৰত্যাশিত হলিউডৰ ছবি ‘হাৰ্ট অৱ ষ্টোন’ৰ ট্ৰেইলাৰ । এইখন আলিয়া ভাটৰ প্ৰথম হলিউড ছবি ৷ কেৱল ইমানেই এই ছবিখনত এক সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত দেখা যাব আলিয়া ভাটক ৷ হয়, এইবাৰ প্ৰথমবাৰৰ বাবে আলিয়াক খলনায়কৰ চৰিত্ৰত দেখা যাব হাৰ্ট অৱ ষ্টোন’ ছবিখনত । আনহাতে এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে গাল গাডট আৰু জেনী ডৰ্নানে ।

‘হাৰ্ট অৱ ষ্টোন’ৰ ট্ৰেইলাৰ মুকলি

ট্ৰেইলাৰটো আৰম্ভ হৈছে গাল গাডটৰ পৰা । এই ছবিখনত ভিলেইনৰ চৰিত্ৰত দেখা যাব আলিয়া ভাটক । ছবিখনৰ গোপন এজেণ্ট হিচাপে দেখা পোৱা গৈছে গাল গাডটক, যিয়ে নিজৰ মিছনটো সম্পন্ন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা দেখা যাব । ট্ৰেইলাৰত কোৱা সংলাপবোৰো অতি শক্তিশালী আছিল । একে সময়তে আলিয়াৰ আভাসো দেখা পোৱা গৈছে ট্ৰেইলাৰটোত।

আলিয়াই শ্বেয়াৰ কৰিলে ট্ৰেইলাৰ

বলীউডৰ অভিনেত্ৰী আলিয়া ভাট হলিউডত আত্মপ্ৰকাশ কৰাৰ লৈ অতিশয় উৎসাহিত। অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা ‘হাৰ্ট অৱ ষ্টোন’ৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰিছে, য’ত তেওঁ কিছুমান দৃশ্যত অভিনয় কৰা দেখা গৈছে ।অৱশ্যে খলনায়কৰ চৰিত্ৰত অভিনয় কৰা আলিয়াই কেইছেকেণ্ডমানৰ ভিতৰতে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।

গৰ্ভাৱস্থাত শ্বুটিং কৰিছিল আলিয়াই

হাৰ্ট অৱ ষ্টোন ছবিখনৰ অনুৰাগীসকলে বহুদিনৰ পৰা অপেক্ষা কৰি আছিল । কিন্তু আপুনি জানেনে গৰ্ভাৱস্থাত থকাৰ সময়ত আলিয়া ভাটে এই ছবিখনৰ বাবে শ্বুটিং কৰিছিল । ইফালে ট্ৰেইলাৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আলিয়া উপস্থিত হৈছিল ব্ৰাজিলত । একে সময়তে আলিয়া ভাটে ফিল্মফেয়াৰক দিয়া সাক্ষাৎকাৰত হাৰ্ট অৱ ষ্টোন আৰু তেওঁৰ সহ অভিনেতাসকলৰ দলটোৰ প্ৰশংসা কৰিছিল ।

লগতে পঢ়ক:Adipurush: আদিপুৰুষ আৰু প্ৰভাসৰ সমালোচনা কৰি বিপদক যুৱক, ছবিগৃহৰ বাহিৰতে গণ প্ৰহাৰ যুৱকজনক, চাওক ভিডিঅ’

লগতে পঢ়ক:Adipurush: ডেৰ লাখ বিনামূলীয়া টিকট, হনুমানৰ বাবে ছবিগৃহত ১খন আসন বুকিং, আদিপুৰুষৰ বাবে কিমান কামত আহিব এই কৌশল

ABOUT THE AUTHOR

...view details