চিটাৰা ডেস্ক, 22 মে’: শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ আম আদমী পাৰ্টিৰ নেতা তথা পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাৰ সৈতে আঙুঠি পিন্ধোৱা অনুষ্ঠিত হয় । ৰাজনীতি আৰু চলচ্চিত্ৰ জগতৰ বহু তাৰকাই এই মাংগলিক পৰ্বত অংশগ্ৰহণ কৰিছিল ৷ দিল্লীৰ কাপুৰথালা হাউচত আত্মীয়-স্বজন, ৰাজনীতি আৰু চলচ্চিত্ৰ জগতৰ বহু তাৰকাৰ উপস্থিতিৰ মাজত আঙুঠি পিন্ধোৱা সম্পন্ন হয় (Parineeti Chopra Raghav Chadha engagement pictures)।
পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাই ছ’চিয়েল মিডিয়াত আঙুঠি পিন্ধোৱাৰ বহুকেইখন ছবি শ্বেয়াৰ কৰি অনুৰাগীক দিছিল এই খবৰ ৷ পুনৰ পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাই তেওঁলোকৰ এই মধুৰ ক্ষণৰ বহু স্মৰণীয় ছবি শ্বেয়াৰ কৰিছে (Parineeti Chopra on Raghav Chadha as partner) । এই ছবিবোৰত আঙুঠি পিন্ধোৱা দুয়ো কি কি মুহূৰ্তৰ মাজেৰে পাৰ হৈছিল, সকলো বৰ্ণনা কৰিছে ৷ এই দুয়োগৰাকীয়ে ইগৰাকীৰ বাবে সিগৰাকী কিমান গুৰুত্বপূৰ্ণ সেই কথাও উল্লেখ কৰিছে (Parineeti Chopra Raghav Chadha love story) ৷
আশাত কৰাতকৈ অধিক পালে পৰিণীতিয়ে
পৰিণীতি চোপ্ৰাই শেহতীয়াকৈ এই ছবিসমূহ শ্বেয়াৰ কৰি লিখিছে, ‘‘আপোনালোকে জানে যে মই একেলগে ব্ৰেকফাষ্ট কৰিছিলো ৷ তেতিয়া মই তেওঁক লগ পাইছিলোঁ ৷ তেওঁ এজন আচৰিত ব্যক্তি ৷ যাৰ অমায়িক স্বভাৱ শান্তিপূৰ্ণ আৰু প্ৰেৰণাদায়ক হ’ব, তেওঁৰ সমৰ্থন, হাস্যৰস, বুদ্ধিমত্তা আৰু বন্ধুত্ব নিৰ্ভেজাল ৷ তেওঁ মোৰ ঘৰ ৷ আমাৰ আঙুঠি পিন্ধোৱাৰ পাৰ্টিটো আছিল প্ৰেম, হাঁহি, আৱেগ আৰু নৃত্যৰ মাজত এটা সপোন, এটা সপোন সুন্দৰকৈ জীয়াই থকাৰ দৰে !’’