চিটাৰা ডেস্ক, 2 এপ্ৰিল: দেওবাৰে বলীউড অভিনেতা অজয় দেৱগণ সম্পূৰ্ণ কৰিলে ৫৪ বছৰ (Ajay devgn turns 54)। স্বামী তথা বলীউড অভিনেতা অজয় দেৱগণক ইনষ্টাগ্ৰামযোগে জন্মদিনৰ শুভেচ্ছা জনায় বলীউডৰ সুন্দৰী কাজলে । জন্মদিনৰ বিশেষ ক্ষণ উপলক্ষে অজয়ে দৰিদ্ৰ লোকৰ সৈতে নিজৰ দিনটো কটাবলৈ বাছি লৈছিল । বলীউডৰ তাৰকাগৰাকীয়ে তেওঁৰ শেহতীয়া ছবি ভোলা ১০০ গৰাকী বঞ্চিত লোকৰ বাবে বিশেষ প্ৰদৰ্শনেৰে নিজৰ দিৱস উদযাপন কৰে (Kajol wishes hubby Ajay Devgn on bday)।
এই প্ৰচেষ্টাৰ বিষয়ে অভিনেতাজনে কয়, ‘‘আজি এই যুৱ ছুপাৰষ্টাৰসকলৰ পৰা যি মৰম পাইছো, মই সঁচাকৈয়ে আপ্লুত হৈছো । তেওঁলোকে ভোলাক মৰম দিছে আৰু ছবিখনৰ প্ৰিয় দৃশ্যবোৰৰ লগতে ছবিখনৰ মোৰ একচন অংশবোৰৰ বিষয়েও উৎসাহেৰে আলোচনা কৰিছিল । মোৰ বাবে ই আছিল মন চুই যোৱা আৰু সঁচাকৈয়ে এক আনন্দদায়ক মুহূৰ্ত ।’’
BookAsmile, BookMyShow ৰ প্ৰচেষ্টাত, যুৱ, বঞ্চিত মুম্বাইবাসীৰ বাবে অজয় আৰু টাবুৰ অভিনীত একচন-থ্ৰিলাৰ ভোলাৰ বিশেষ প্ৰদৰ্শনৰ আয়োজন কৰে । মুম্বাইৰ উপকণ্ঠ অঞ্চলৰ বস্তিত বসবাস কৰা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই বিশেষ প্ৰদৰ্শনৰ আয়োজন কৰা হয় । জন্মদিনত অজয়ে তেওঁলোকৰ লগত সময় কটায় আৰু ছবি জগতৰ বিষয়ে, সপোন, সাধাৰণ জীৱনৰ কথা বতৰা শ্বেয়াৰ কৰে তেওঁলোকৰ সৈতে । শেষত আনন্দময় গীতেৰে কাপ কেকৰ সৈতে জন্মদিনৰ শুভেচ্ছা জনাই অনুষ্ঠানটোৰ সামৰণি পৰে (Happy birthday ajay devgn) ।