চিটাৰা ডেস্ক, ১৫ জানুৱাৰী: শাম কটা নাই মালদ্বীপ বিতৰ্ক । ছ’চিয়েল মিডিয়াত ট্ৰেণ্ড হৈ আছে হেচটেগ বয়কট মালদ্বীপ । ইয়াৰ মাজতে এতিয়া দক্ষিণৰ জনপ্ৰিয় ছুপাৰষ্টাৰ নাগাৰ্জুনে বাতিল কৰিছে মালদ্বীপ ভ্ৰমণ । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তেওঁৰ এটা ভিডিঅ’, য’ত তেওঁ মালদ্বীপ ভ্ৰমণ বাতিল কৰাৰ কথা কৈছে ।
মালদ্বীপ বিতৰ্ক আৰম্ভ হোৱাৰ পূৰ্বে নাগাৰ্জুনে পৰিয়ালৰ সৈতে মালদ্বীপত ছুটী উপভোগ কৰিবলৈ যাব বিচাৰিছিল । কিন্তু এতিয়া তেওঁৰ মন সলনি হৈছে । বয়কট মালদ্বীপৰ ট্ৰেণ্ডৰ সৈতে তেওঁ সহমত প্ৰকাশ কৰিছে আৰু যাৰ বাবে তেওঁ মালদ্বীপ ভ্ৰমণ বাতিল কৰিছে । নাগাৰ্জুনৰ মতে কিছুদিন ধৰি তেওঁ চিনেমাত অতি ব্যস্ত হৈ আছিল আৰু সেয়েহে তেওঁ পৰিয়ালৰ সৈতে সময় কটাব পৰা নাছিল । এনে পৰিস্থিতিত তেওঁ ছুটীৰ বাবে মালদ্বীপ বাছি লৈছিল, যদিও এতিয়া তেওঁ তালৈ যোৱাৰ পৰিকল্পনা বাতিল কৰিছে ।
ভিডিঅ’টোত নাগাৰ্জুনক মালদ্বীপ ভ্ৰমণৰ কথা কোৱা দেখা গৈছে । নাগাৰ্জুনে কয়, ‘‘মই ১৭ জানুৱাৰীত মালদ্বীপলৈ ছুটীত যাবলৈ ওলাইছিলো কাৰণ মই পৰিয়ালৰ বাবে সময় উলিয়াব পৰা নাছিলো । ‘না সমী ৰঙা’ আৰু ‘বিগ বছ’ত ব্যস্ত হৈ যোৱা ৭৫ দিন ধৰি কোনো বিৰতি লোৱা নাছিলোঁ । মালদ্বীপলৈ যোৱাৰ টিকট বাতিল কৰিছো আৰু এতিয়া অহা সপ্তাহত লক্ষদ্বীপলৈ যোৱাৰ পৰিকল্পনা কৰিছো । তাত থকা মন্ত্ৰীসকলে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মন্তব্য কৰিছিল, যিবোৰ আপত্তিজনক আছিল আৰু তাৰ মূল্য তেওঁলোকে দিব লাগিব । ১.৫ বিলিয়ন লোকৰ নেতা প্ৰধানমন্ত্ৰী মোদী সমগ্ৰ বিশ্বতে অতিশয় সন্মানীয় ।’’