চিটাৰা ডেস্ক, 22 আগষ্ট: মঙলবাৰে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে হাৰিয়ানাৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজু পাঞ্জাবীয়ে । হিছাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত পুৱা চাৰি বজাত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে । ‘‘দেশী-দেশী না বলিয়াকাৰ’’ গীতটিৰে সমগ্ৰ উত্তৰ ভাৰতত জনপ্ৰিয় হৈ পৰিছিল ৰাজু পাঞ্জাবী ৷ যদিও অতি কম বয়সতে এই পৃথিৱীৰ পৰা বিদায় লয় কণ্ঠশিল্পীগৰাকীয়ে ।
মৃত্যুৰ সময়ত ৰাজু পাঞ্জাবীৰ বয়স আছিল মাত্ৰ ৪০ বছৰ । যোৱা কিছুদিন ধৰি অসুস্থ হৈ আছিল ৰাজু । জানিব পৰা মতে জণ্ডিচ ৰোগত আক্ৰান্ত আছিল, ইয়াৰ পিচত স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । অৱশ্যে বেমাৰ ভাল হোৱাত চিকিৎসালয়ৰ পৰা তেওঁক ঘৰলৈ যাবলৈ দিয়া যদিও তাৰ পিছত হঠাৎ অসুস্থ হোৱাত পুনৰ ভৰ্তি কৰোৱা হয় ।
হাৰিয়ানাৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ আকস্মিক মৃত্যুত শোকত ভাঙি পৰিছে পৰিয়াল তথা অনুৰাগীসকল । মৃত্যুৰ সময়ত ৰাজুৱে পত্নী আৰু তিনিগৰাকী কন্যা সন্তানক এৰি থৈ যায় ইহ সংসাৰত । ৰাজুৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে তেওঁৰ আত্মীয়-স্বজন আৰু অনুৰাগীয়ে হিছাৰত উপস্থিত হয় ৷ আজি তেওঁৰ শেষ ৰীতি-নীতি হিছাৰতে সম্পন্ন কৰা হ’ব ।
ৰাজু পাঞ্জাবী আৰু স্বপ্না চৌধাৰীৰ যুটি