অসম

assam

By

Published : Mar 31, 2022, 3:32 PM IST

ETV Bharat / entertainment

হিজাব বিতৰ্কৰ ওপৰত মন্তব্য কৰি ট্ৰ’ল খালে হৰনাজ সন্ধুৱে, দিলে কটু প্ৰত্যুত্তৰ

সমগ্ৰ দেশ জোকাৰি যোৱা হিজাব বিতৰ্কৰ ওপৰত ৰায় বিচৰা হৈছিল 2021 বৰ্ষৰ মিছ ইউনিভাৰ্ছ হৰনাজ সন্ধুৰ পৰা (Harnaaz Sandhu on hijab controversy) ৷ বিষয়টোৰ প্ৰসংগত হৰনাজে কৈছিল, ‘ছোৱালীবোৰক নিজৰ সপোন পূৰাবলৈ দিব লাগে, পাখি কাটি বন্দী কৰাতকৈ তেওঁলোকক আকাশত উৰিবলৈ দিব লাগে’ ৷

Harnaaz Sandhu
ট্ৰ’ল খালে হৰনাজ সন্ধুৱে

চিটাৰা ডেস্ক, 31 মাৰ্চ : 2021 বৰ্ষত মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰা হৰনাজ সন্ধুৱে দখল কৰি আছে বাতৰিৰ শিৰোনামা ৷ দেশৰ পৰিস্থিতি উত্তপ্ত কৰি পেলোৱা হিজাব বিতৰ্কত মন্তব্য কৰাৰে পৰা নিজেই বিতৰ্কৰ মাজত সোমাই পৰিছে 22 বছৰীয়া তাৰকা গৰাকী (Harnaaz Sandhu on hijab controversy) ৷

অলপতে হৈ যোৱা Lakme Fashion Week ত ৰেম্প ৱাক কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল হৰনাজে (Harnaaz on Lakme Fashion Week) ৷ সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলে তাতো ট্ৰ’ল কৰিলে হৰনাজক তেওঁৰ শৰীৰৰ ওজন বঢ়াক লৈ (Harnaaz Sandhu body shaming incident) ৷ পিছে হৰনাজো কম নহয় ৷ বন্ধ কৰি ন’থলে নিজৰ মুখ ৷

হিজাবৰ সমান্তৰালকৈ তেওঁৰ বাহ্যিক অৱতাৰৰ বাবে কৰা ট্ৰ’লত তেওঁ ক’লে যে, তেওঁৰ Celiac নামৰ এটা বেমাৰ আছে ৷ এই বেমাৰত মানুহৰ গ্লুটেন পৰা এলাৰ্জী হয় যাৰ ফলত শৰীৰৰ ওজন সঠিককৈ বৰ্তাই ৰখাত যথেষ্ট কষ্ট হয় !

হিজাব বিতৰ্কত মন্তব্য কৰি ট্ৰ’ল খাই মনে মনে বহি নাথাকিল হৰনাজ (Harnaaz comment on hijab controversy) ৷ পাব্লিক এডমিনিষ্ট্ৰেছনত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা হৰনাজে ক’লে যে, ‘দেশৰ যুৱ প্ৰজন্ম হিচাপে দেশখনত চাৰিওফালে কি হৈছে তাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰাটো জৰুৰী’ ৷ লগতে হৰনাজে কয়, ‘মই কেৱল নিজৰ মত দিছো ৷ যদি ছোৱালীবোৰে হিজাব পিন্ধিব বিচাৰিছে, তেন্তে এইয়া তেওঁলোকৰ পছন্দ ৷ তাত যদি পিতৃতান্ত্ৰিক ব্য়ৱস্থাই তেওঁলোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব খুজিছে তেনেকুৱাত তেওঁলোকে আগবাঢ়ি আহি নিজৰ বাবে মাত মতা উচিত’ ৷

লগতে পঢ়ক:Miss Universe 2021 : কোন এই হৰনাজ সন্ধু ?

ABOUT THE AUTHOR

...view details