অসম

assam

ETV Bharat / entertainment

Vitali Das: নিজৰ সুৰীয়া কণ্ঠৰে দৰ্শকক মোহিত কৰা ভিতালী দাসৰ আজি জন্মদিন

আজি ভিতালী দাসৰ জন্মদিন ৷ তেখেতৰ জন্মদিনত জানো আহক তেখেতৰ জীৱনৰ কিছু নজনা কথাৰে বিষয়ে ৷

Happy Birthday Vitali Das: Unknown facts about Assamese singer Vitali Das
ভিতালী দাসৰ আজি জন্মদিন

By

Published : Jun 6, 2023, 6:02 PM IST

চিটাৰা ডেস্ক, 6 মে’: নিজৰ সুৱলা কণ্ঠৰে লাখ লাখ অনুৰাগীক মোহিত কৰিছিল এই জনপ্ৰিয় সংগীত শিল্পীগৰাকীয়ে ৷ কেৱল ইমানেই নহয়, অসমৰ হ্ৰাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু অন্যান্য শিল্পীৰ সৈতে ৫০০০ ৰো অধিক বিহু গীত গাইছিল তেখেতে। আমি কাৰ কথা ক’ব লৈছো হয়তো এতিয়ালৈকে বুজিয়ে পাইছে ৷ হয়, আমি কৈছো জনপ্ৰিয় সংগীত শিল্পী ভিতালী দাসৰ কথা (Vitali Das) ৷ আজি ভিতালী দাসৰ জন্ম বাৰ্ষিকী (HBD Vitali Das) ৷

উল্লেখ্য যে ভিতালী দাসে তেওঁৰ শুৱলা কণ্ঠৰ দ্বাৰা প্ৰত্যেকগৰাকী অসমীয়াৰ হৃদয়ত স্থান নিগাজী কৰিবলৈ সক্ষম হৈছিল ৷ তেখেতে ৫০০০ ৰো অধিক বিহু গীত গাইছিল (Vitali Das albums) ।

ভিতালী দাসৰ জন্ম ক’ত হৈছিল ?

উত্তৰ গুৱাহাটীৰ মাজগাঁৱত জন্ম গ্ৰহণ কৰিছিল ভিতালী দাসে ৷ চেনিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল ভিতালী দাসে ।

কেৰিয়াৰ

দুটা দশকৰো অধিক সময় গীত পৰিৱেশন কৰিছিল ভিতালী দাসে (Vitali das photo) ৷ অসমৰ হ্ৰাৰ্টথ্ৰৱ জুবিন গাৰ্গ, বৰ্ণালী কলিতা, তৰালি শৰ্মা, নিৰ্মালী দাস, জুবলী বৰুৱাৰ লগতে আন বহু জনপ্ৰিয় শিল্পীৰ সৈতে ভিতালীয়ে ৩০০০ ৰো অধিক গীত ৰেকৰ্ডিং কৰিছিল । লগতে বহু বিহু এলবামৰ ভিচিডি আৰু একক গীতত নিজৰ কণ্ঠ নিগৰাইছিল ।

ভিতালী দাসৰ কেইটিমান এলবাম যেনে - চেংকলি ২০২০ , টিপ টপ ২০২০, ধনশিৰি নুমনি ২০২০, আহিলে বহাগী ২০১৯, ৰাংঢালী ২০১৭, এনাজৰী ২০১৬, কপৌ ফুল ২০১৫, মইনা চৰাই মইনা মাত ২০১৩, বগীতৰা ২০০৮, ৰাংঢালী ২০১৮, ৰহেদৈ ২০১৬, জোনবাই ২০০৫, তগৰ ২০০১ আৰু নাংছেং ২০১৬ (Vitali Das bihu song) ৷

মৃত্যু

কিন্তু ২০২১ চনত এটা যুগৰ অৱসান ঘটে ৷ ২০২১ চনৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ লতাশিল খেলপথাৰত বিহু অনুষ্ঠান কৰাৰ পিচত কৰনাত আক্ৰান্ত হয় ভিতালী দাস । পিচত গুৱাহাটীৰ কালাপাহাৰ ক’ভিড চিকিৎসালয়তে ২১ এপ্ৰিলৰ ৭.০৫ বজাত ইহলীলা সম্বৰণ কৰে শিল্পীগৰাকীয়ে ।

লগতে পঢ়ক:HBD Ramen Baruah: ঊনৈশ বছৰ বয়সত ছবিজগতত ভৰি দিয়া ৰমেন বৰুৱা কেনেকৈ হ’ল সফল সংগীত পৰিচালক

ABOUT THE AUTHOR

...view details