চিটাৰা ডেস্ক, ১২ ডিচেম্বৰ: দক্ষিণ ভাৰতত ভগৱানৰ দৰে পূজা কৰা ছুপাৰষ্টাৰ ৰজনীকান্তৰ সমগ্ৰ বিশ্বতে ফেন ফ’ল’ৱাৰ আছে । আজিৰ দিনটো অৰ্থাৎ ১২ ডিচেম্বৰৰ দিনটো ৰজনীকান্তৰ বাবে অতি বিশেষ ৷ কাৰণ আজি ছুপাৰষ্টাৰগৰাকীৰ ৭৩ সংখ্যক জন্মদিন ৷ গতিকে ৰজনীকান্তৰ জন্মদিনত জানো আহক তেওঁৰ বিষয়ে কিছু নজনা কথা আৰু তেওঁ সম্পত্তিৰ পৰিমাণ কিমান ৷
কোনে জানিছিল যে বাছ কণ্ডাক্টৰ হিচাপে কাম কৰা এজন সাধাৰণ ব্যক্তিয়ে এদিন গোটেই পৃথিৱীখনত নিজৰ নাম উজলাই তুলিব। হয়, ছবিজগতলৈ অহাৰ পূৰ্বে ৰজনীকান্তে সৰু সৰু কাম কৰি নিজৰ জীৱিকা উপাৰ্জন কৰিছিল। জীৱিকা উপাৰ্জনৰ বাবে কাঠমিস্ত্ৰীৰ পৰা আৰম্ভ কৰি কৰ্ণাটক পৰিবহণ সেৱাত কণ্ডাক্টৰ হিচাপেও কাম কৰিছিল ৰজনীকান্তে । বিশ্বাস কৰিবলৈ নিশ্চয় টান হৈছে, নহয় জানো ? যে ইমান ডাঙৰ এজন ছুপাৰষ্টাৰে এসময়ত এনে কামো কৰিছিল নে, কিন্তু এয়াই সঁচা ৷ কোনেও জন্মৰ পৰাই ছুপাৰষ্টাৰ হৈ নাযায়, তাৰ বাবে কৰিব লাগে কঠোৰ পৰিশ্ৰম ৷ পৰিশ্ৰমৰ ভিত্তিতেই মাহিলী ২০০০ টকা উপাৰ্জন কৰা ৰজনীকান্তৰ আজি আছে কোটি টকাৰ সম্পত্তি ৷
গতিকে ৰজনীকান্তৰ জন্মদিন উপলক্ষে তেওঁৰ মুঠ সম্পত্তিৰ বিষয়ে জানো আহক । মাত্ৰ ২০০০ টকাৰে অভিনয় জীৱন আৰম্ভ কৰিছিল ৰজনীকান্তে । কেৰিয়াৰৰ প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ শ্ৰীদেৱীৰ সৈতে এখন ছবি কৰিছিল, য’ত তেওঁ অভিনেত্ৰীগৰাকীৰ মাহীমাকৰ পুত্ৰৰ চৰিত্ৰত অভিনয় কৰিছিল । এই চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ লাভ কৰিছিল ২০০০ টকা ।
কিন্তু বৰ্তমান সময়ত ৰজনীকান্তে এখন ছবি বাবে পাৰিশ্ৰমিক লয় প্ৰায় ১০০ কোটি টকা । শেহতীয়াকৈ তেওঁৰ ছবি জেইলাৰ মুক্তি পাইছিল, যাৰ বাবে তেওঁ ১১০ কোটি টকাৰ পাৰিশ্ৰমিক লৈছিল । জেইলাৰৰ লাভৰ অংশীদাৰিত্বকে ধৰি ৰজনীকান্তে মুঠ ২১০ কোটি টকা উপাৰ্জন কৰিছিল । হয়, ২০০০ টকাৰ পৰা আৰম্ভ কৰা যাত্ৰা, ২১০ কোটি টকালৈ অব্যাহত আছে ৷