চিটাৰা ডেস্ক, 6 জুন: সফলতাৰ আঁৰৰ বিফলতা কেৱল সফল হোৱা গৰাকীয়ে হে জানে ৷ সফলতা লাভৰ প্ৰকৃত পথ কোনো কিতাপতে লিখা নাথাকে । কেৱল সাহস আৰু অদম্য চেষ্টাৰ জৰিয়তে হে সফলতাৰ পথ নিৰ্ধাৰণ কৰিব পাৰি ৷ ছবি জগতৰ জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰো তেনে এগৰাকী কণ্ঠশিল্পী, যিগৰাকীয়ে নিজৰ চেষ্টা আৰু সাহসেৰ জীৱনত সংগ্ৰামত জয় লাভ কৰিছে ৷
নেহা এনে এগৰাকী ব্যক্তি যিয়ে দৰিদ্ৰতাত শৈশৱ কাল পাৰ কৰিব লগা হৈছিল ৷ দেৱী মাৰ জাগৰণত ভজন গাই জীৱন যুদ্ধত জয়ী হৈছিল আৰু কেতিয়াও হাৰ মনা নাছিল । এসময়ত যিটো শ্ব’ৰ বিচাৰকে নেহাক প্ৰত্যাখান কৰিছিল সেই একেটা শ্ব’তে আজি বিচাৰক হিচাপে আছে নেহা ৷ আজি নেহা কক্কৰৰ জন্মদিন, গতিকে তেখেতৰ জীৱনৰ কেইটামান পৃষ্ঠাৰ সৈতে আমি আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো যিটোৰ বিষয়ে হয়তো আপুনি নাজানে (Neha Kakkar Unknown Facts)।
নেহাৰ জীৱন সংগ্ৰাম
১৯৮৮ চনৰ ৬ জুনত উত্তৰাখণ্ডৰ ঋষিকেশত (সেই সময়ত উত্তৰ প্ৰদেশৰ অংশ আছিল) জন্মগ্ৰহণ কৰা নেহা কক্কৰক আজি কোনো পৰিচয়ৰ প্ৰয়োজন নাই ৷ অৱশ্যে এই সফলতাৰ শিখৰ স্পৰ্শ কৰাৰ পূৰ্বে তেওঁ সংগ্ৰামৰ পাহাৰ অতিক্ৰম কৰিবলগীয়া হৈছিল। আপুনি জানি আচৰিত হ’ব যে নেহাৰ ঘৰৰ আৰ্থিক অৱস্থা ইমানেই বেয়া আছিল যে মাতৃয়ে তেওঁক জন্ম দিব বিচৰা নাছিল, কিন্তু ভাগ্যই নেহাৰ বাবে অন্য কিবা এটা হে লিখি ৰাখিছিল (Neha Kakkar birthday special) ৷