অসম

assam

ETV Bharat / entertainment

Happy Birthday Jayanta Hazarika: আকৌ নতুন প্ৰভাত হ’ব...কালৰাতি নাথাকিব; আজি ‘ৰাণা দা’ৰ জন্ম বাৰ্ষিকী - শান্তিপ্ৰিয়া হাজৰিকা

আজি জয়ন্ত হাজৰিকাৰ ৮০ সংখ্যাক জন্ম বাৰ্ষিকী ৷ তেখেতৰ জন্মদিনত জানো আহক তেখেতৰ বিষয়ে কিছু নজনা কথা ৷

Happy Birthday Jayanta Hazarika: Know About Jayanta Hazarika career, songs, love life, Death reason
আজি ৰাণা দা’ৰ ৮০ সংখ্যাক জন্ম বাৰ্ষিকী

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 12:11 PM IST

চিটাৰা ডেস্ক, ২০ ছেপ্টেম্বৰ: ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত অৰ্থাৎ আজিৰ দিনটোতে অসমৰ এটা প্ৰখ্যাত পৰিয়ালত জন্ম হৈছিল গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ জয়ন্ত হাজৰিকাৰ । ৰাণা দা হিচাপে পৰিচিত জয়ন্ত হাজৰিকাৰ আজি ৮০ সংখ্যাক জন্ম বাৰ্ষিকী ৷ উল্লেখনীয় যে, তেওঁৰ ঘৰুৱা নাম আছিল ‘ৰাণা’ ৷ তেখেতৰ পিতৃ আছিল নীলকান্ত হাজৰিকা আৰু মাতৃ আছিল শান্তিপ্ৰিয়া হাজৰিকা । জয়ন্ত হাজৰিকাৰ জ্যেষ্ঠ ভাতৃ আছিল সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা ।

১৯৪৩ চনৰ আজিৰ দিনটোতে মঙলদৈত জন্মগ্ৰহণ কৰিছিল জয়ন্ত হাজৰিকাই ৷ তেওঁ গুৱাহাটীৰ সোণাৰাম হাইস্কুলত নিজৰ পঢ়া-শুনা সম্পন্ন কৰিছিল । ইয়াৰ পিচত ১৯৬২ চনৰ প্ৰৱেশিকা পৰীক্ষাত অনুত্তীৰ্ণ হৈ কলিকতালৈ ৰাওনা হয় আৰু কলিকতাতে এইচ.এম.ভি. কোম্পানীত দুটি গীত বাণীবদ্ধ কৰে । শৈশৱৰ পৰাই সংগীতত ৰাপ থকাৰ বাবে মাত্ৰ ৯ বছৰ বয়সতে প্ৰথম গানত সুৰ দিছিল ৷ হয়, আচৰিত যেন লাগিলেও, এয়াই আছিল ৰাণাৰ দাৰ প্ৰতিভা ৷

তেওঁ প্ৰথম সুৰ দিয়া গীতটি লিখিছিল ককায়েক নৃপেন হাজৰিকাই ৷ ক’বলৈ গ’লে জয়ন্ত হাজৰিকাৰ পেছাদাৰী সংগীত জীৱন আৰম্ভ হৈছিল ভূপেন হাজৰিকাৰ লগত বাদ্য সংগত কৰি । কিন্তু তেওঁৰ জীৱনত এনে এটা সময় আহে যিটো সময়তে তেখেতে ঘৰৰ পৰা মাত্ৰ ২৫ টকা লৈ নিৰুদ্দেশ হৈ পৰে ৷

ঘৰৰ পৰা কিয় নিৰুদ্দেশ হৈছিল জয়ন্ত হাজৰিকা ?

দৰাচলতে, ১৯৬২ চনত প্ৰৱেশিকা পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবেই জয়ন্ত হাজৰিকাই ঘৰৰ পৰা ২৫ টকা লৈ নিৰুদ্দেশ হৈ পৰিছিল । ইফালে ঘৰৰ মানুহে তেওঁৰ চিন্তাত আৰক্ষীক খবৰ দিয়ে, কেৱল ইমানেই নহয়, বাতৰি কাকততো নিৰুদ্দেশ হোৱা সন্দৰ্ভত বিজ্ঞাপন দিয়া হৈছিল । কিন্তু তাৰ এসপ্তাহমান পাচতহে গম পোৱা গৈছিল যে ৰাণা দা গৌৰীপুৰলৈ গৈছিল আৰু গৌৰীপুৰতে প্ৰমথেশ বৰুৱাৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিছিল ৷ তাৰ পাচত ঘৰলৈ উভতি আহিছিল ।

উল্লেখ্য যে, ১৯৬২ চনত তেওঁ কলিকতালৈ গৈ এইচ. এম. ভি. কোম্পানীত 'আগলি বতাহে কঁপালে কলৰে পাত' আৰু 'কৃষ্ণচূড়া কৃষ্ণচূড়া' নামৰ গীত দুটা বাণীবদ্ধ কৰে । এই গীত দুটিয়ে জয়ন্ত হাজৰিকাক সুৰকাৰ আৰু গায়ক হিচাপে প্ৰতিষ্ঠা কৰাত সহায়ক ৰূপে পৰিগণিত হয় । এই গীত দুটি বাণীবদ্ধ কৰাৰ মাত্ৰ এটা বছৰৰ পাচতে ককায়েক ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা মণিৰাম দেৱান ছবিখনৰ গীতত নিজৰ কণ্ঠ নিগৰাই জয়ন্ত হাজৰিকাই । ইয়াৰ পাচতে জয়ন্ত হাজৰিকাৰ ভাগ্য খোল খায় ৷ তেওঁ ভালেমান গীতৰ সুৰ আৰু কণ্ঠদান কৰাৰ লগতে ছবি, মঞ্চনাট আৰু তথ্যচিত্ৰৰ বাবে সংগীত পৰিচালনা কৰে ৷ আনকি 'লটিঘটি' আৰু 'চিকমিক বিজুলী' অসমীয়া কথাছবি দুখনত অভিনয়ো কৰিছিল তেওঁ ।

জয়ন্ত হাজৰিকাৰ বৈবাহিক জীৱন

১৯৬৯ চনৰ ৪ আগষ্টত কলিকতাৰ এটা বঙালী পৰিয়ালৰ জীয়ৰী মনীষা হাজৰিকাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় জয়ন্ত হাজৰিকা ৷ বিয়াৰ দুবছৰ পাচত তেওঁলোকৰ মাজলৈ আহে একমাত্ৰ সন্তান ময়ুখ হাজৰিকা ৷ ১৯৭১ চনৰ ১৩ জানুৱাৰী জন্ম হৈছিল ময়ুখ হাজৰিকাৰ ৷

কেনেকৈ হৈছিল ৰাণা দাৰ মৃত্যু ?

১৯৭৭ চনত 'নতুন আশা' বোলছবিখনৰ সংগীত ৰেকৰ্ড কৰিবলৈ কলিকতালৈ গৈছিল জয়ন্ত হাজৰিকা । কিন্তু তাত তেওঁ হঠাতে অসুস্থ হৈ পৰে আৰু ১৫ অক্টোবৰত মৃত্যু বৰণ কৰে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল মাত্ৰ ৩৪ বছৰ । অৱশ্যে তেখেতৰ মৃত্যু আছিল ৰহস্যজনক ৷ কলিকতাত কেনেকৈ মৃত্যু হৈছিল আৰু কি হৈছিল তেখেতৰ এই বিষয়ে বহুতৰে ভিন্ন মতামত ৷ আজিও জয়ন্ত হাজৰিকাৰ মৃত্যু এক ৰহস্য হৈ থাকি ৰ’ল ৷

লগতে পঢ়ক:Hiren Gohain Remarks on Bhupen Hazarika : ভূপেন হাজৰিকাক 'ৰাণ্ডি চাহেব চামচা' বুলি কিয় কৈছিল হীৰেণ গোঁহায়ে ?

ABOUT THE AUTHOR

...view details