চিটাৰা ডেস্ক, ২৩ আগষ্ট: জনপ্ৰিয় প্ৰয়াত কণ্ঠশিল্পী কৃষ্ণ কুমাৰ কুন্নাথ ওৰফে কে কে এতিয়া আৰু আমাৰ মাজত নাই ৷ অৱশ্যে তেওঁৰ গীত আৰু হৃদয়স্পৰ্শী কণ্ঠই তেওঁক এতিয়াও অনুৰাগীৰ হৃদয়ত জীয়াই ৰাখিছে। কোনেও হয়তো ভৱাই নাছিল হঠাৎ কে কে এনেকৈয়ে পৃথিৱীৰ পৰা গুচি যাব ।
কলকাতাত লাইভ কনচাৰ্ট পৰিৱেশন কৰি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ মৃত্যুক সাবটি লয় আৰু সেই দুৰ্ভাগ্যজনক দিনটো আছিল ২০২২ চনৰ ৩১ মে’ । আজি ২০২৩ চনৰ ২৩ আগষ্ট, কণ্ঠশিল্পীগৰাকীৰ ৫৪ সংখ্যক জন্মদিন ।
এই উপলক্ষে কণ্ঠশিল্পীগৰাকীৰ অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত তেওঁক পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জনাই জন্মদিনৰ পোষ্ট শ্বেয়াৰ কৰে ৷ একে সময়তে কণ্ঠশিল্পীগৰাকীৰ কন্যা তামৰা কৃষ্ণইও ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰি পিতৃক শুভেচ্ছা জনাইছে ।
প্ৰয়াত পিতৃ কে কেৰ ৫৪ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনাই তামৰাই নিজৰ পোষ্টটোত লিখিছে, ‘‘হেপি বাৰ্থডে দেউতা, মই তোমাক ইমানেই ভাল পাওঁ যে মই কেতিয়াও প্ৰকাশ কৰিব নোৱাৰিম, জীৱনলৈ ঘূৰি অহাৰ বাবে ধন্যবাদ, মানে মোৰ সপোনত, আশাকৰোঁ মই-তুমি আকৌ একেলগে কেক খাব পাৰো যাতে।’’