চিটাৰা ডেস্ক, 9 আগষ্ট: হিন্দী টিভি ধাৰাবাহিকৰ পৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰা অভিনেত্ৰী হান্সিকা মটৱানীৰ জন্ম হৈছিল ১৯৯১ চনৰ ৯ আগষ্টত মুম্বাইত । এই পৰ্যন্ত হান্সিকাই ৫০ খনতকৈও অধিক ভিন্ন ভাষাৰ ছবিত কাম কৰিছে । আজি দক্ষিণৰ ছুপাৰষ্টাৰ অভিনেত্ৰী হান্সিকা মটৱনীৰ জন্মদিন । ৩২ বছৰীয়া হ’ল হান্সিকা । শিশু শিল্পী হিচাপে হিন্দী টিভি উদ্যোগত নিজৰ কেৰিয়াৰ আৰম্ভ কৰা হান্সিকাই সকলোকে তেতিয়া হতচকিত কৰিছিল, যেতিয়া মাত্ৰ ১৬ বছৰ বয়সতে হান্সিকাই হিমেশ ৰেশমীয়াৰ সৈতে বলীউডত আত্মপ্ৰকাশ কৰিছিল ৷
সিন্ধী পৰিয়ালত জন্ম হৈছিল হান্সিকাৰ
১৯৯১ চনৰ ৯ আগষ্টত মুম্বাইৰ এটা সিন্ধী পৰিয়ালত জন্মগ্ৰহণ কৰা হান্সিকা মটৱানীৰ পিতৃ পেছাত ব্যৱসায়ী আৰু মাতৃ মোনা মটৱানী এগৰাকী ছালৰ বিশেষজ্ঞ । হান্সিকাই মুম্বাইৰ ছান্টাক্ৰুজত অৱস্থিত পোদাৰ ইণ্টাৰনেশ্যনেল স্কুল আৰু ইণ্টাৰনেশ্যনেল কাৰিকুলাম স্কুলৰ পৰা শিক্ষা সমাপ্ত কৰিছিল ।
‘দেশ মে নিক্লা হোগা চান্দ’ত দেখা গৈছিল হান্সিকাক
২০০১ চনত প্ৰথমবাৰৰ বাবে একতা কাপুৰৰ ধাৰাবাহিক ‘দেশ মে নিক্লা হোগা চান্দ’ত অভিনয় কৰিছিল হান্সিকাই । তাৰ পিচত ‘শাকা লাকা বুম বুম’ৰ পৰা অৰ্জন কৰিছিল জনপ্ৰিয়তা ৷ বহু টিভি শ্ব’ কৰাৰ পাচত ২০০৩ চনত হৃতিক ৰোশনৰ ছবি ‘কই মিল গয়া’ত শিশু অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে । ১৫ বছৰ বয়সত দক্ষিণ চলচ্চিত্ৰ উদ্যোগলৈ ধাৱমান হয় হান্সিকা ৷ পৰিচালক পুৰী জগন্নাথৰ ছবি ‘দেশমুদুৰু’ৰ জৰিয়তে দক্ষিণ ছবিজগতত আত্মপ্ৰকাশ কৰে ৷ এই ছবিখনৰ বাবে অভিনেত্ৰীগৰাকীয়ে লাভ কৰে শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰী বঁটা ।