চিটাৰা ডেস্ক, 6 অক্টোবৰ: বৰ্তমান সময়ত মানুহৰ জীৱনৰ একো বিশ্বাস নাই ৷ কাৰ, কোন সময়ত, কি হৈ যায়, সেয়া কোনেও ক’ব নোৱাৰে ৷ ঘৰৰ পৰা কামলৈ ওলাই যোৱা ব্যক্তি, ঘৰৰ পৰা স্কুল-কলেজলৈ ওলাই যোৱা ছাত্ৰ-ছাত্ৰী পিছ মুহূৰ্তত ঘৰলৈ কুশলে উভতি আহিব পাৰিব নে নাই সেয়া কোনেও ক’ব নোৱাৰে ৷ এইখিনি লিখাৰ আঁৰত আছে এই প্ৰতিবেদনটোৰ সমগ্ৰ কাহিনী ৷
এতিয়া আহিছো ঘটনাৰ মূল বিৱৰণীলৈ, শেহতীয়াকৈ ঘৰৰ পৰা একেবাৰে সুস্থ হৈ ওলাই এজন ব্যক্তি হঠাতে অজ্ঞান হৈ ঢলি পৰে পথৰ দাঁতিত ৷ কিন্তু ব্যক্তিজনৰ সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল কোনো লোক ৷ এইখিনি সময়তে নিজৰ মহানুভৱতাৰ পৰিচয় দিলে এগৰাকী অভিনেতাই ৷ লোকজনৰ সহায়ৰ বাবে নিজৰ বাহনৰ পৰা নামি অহা অভিনেতাজন আন কোনো নহয়, টিভিৰ জনপ্ৰিয় অভিনেতা গুৰমীত চৌধুৰী ৷ অভিনেতাগৰাকীৰ মহানুভৱতা দেখি সেই স্থানত উপস্থিত থকা সকলো লোকে তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৷
আচলতে পথৰ দাঁতিত এগৰাকী ব্যক্তি অজ্ঞান হৈ পৰি আছিল ৷ ইয়াকে দেখি বাহনৰ পৰা নামি আহে গুৰমীত ৷ তাৰ পাচত এম্বুলেন্স বা চিকিৎসকৰ বাবে অপেক্ষা নকৰি নিজেই ব্যক্তিজনক সুস্থ কৰিবলৈ চিপিআৰ দিবলৈ আৰম্ভ কৰে ৷ গুৰমীতৰ এই কাৰ্য দেখি বহু লোকে সেই স্থানত সমবেত হয় ৷ উপস্থিত থকা একাংশ লোকে যেন চকু মুদা কুলিৰ ভাও ধৰিছিল ৷ কাৰণ গুৰমীতৰ বাহিৰে লোকজনৰ সহায়ৰ বাবে কোনেও আগবাঢ়ি অহা নাছিল ৷