চিটাৰা ডেস্ক, 10 নৱেম্বৰ :এতিয়া ছ’চিয়েল মিডিয়াৰ যুগ, গতিকে ইনষ্টাগ্ৰামকে ধৰি বহু কেইটা প্লেটফৰ্মত মানুহে প্ৰায়ে ৰীলছ, ভিডিঅ’ আৰু ফটো শ্বেয়াৰ কৰিয়েই থাকে । মনোৰঞ্জনৰ এই প্লেটফৰ্মত ছবিৰ তাৰকাও পিছ পৰি নাথাকে আৰু প্ৰতিদিনে অনুৰাগীৰে সৈতে যিকোনো পোষ্টেৰে সংযুক্ত হৈ থাকে । অভিনেত্ৰী বিদ্যা বালানে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ধেমেলীয়া ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁ নিজৰ পছন্দৰ গীত এটা শুনাবলৈ গুগলক পৰামৰ্শ দিছে (Vidya Balan instagram) ৷ ইয়াৰ পিছত গুগলে যিটোহে উত্তৰ দিলে সেইয়া শুনি আপুনি হাঁহি ৰখাব নোৱাৰিব ।
ইনষ্টাগ্ৰামত এটা ধেমেলীয়া ভিডিঅ’ শ্বেয়াৰ কৰি বিদ্যাই কেপছনত লিখিছে – ‘হেল্ল’ গুগল’ । ধেমেলীয়া ভিডিঅ’টো চাই হাঁহি বন্ধ কৰিব নোৱাৰিব নিশ্চয়কৈ আপোনালোকে । ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে গুগলক 1995 চনত মুক্তি পোৱা ছবি ‘নাজায়জ’ৰ বিখ্যাত গীত ‘অভি জিন্দা হুন তো জী লেনে দো’ গীতটোৰ আধা গুণগুণাই দি শুনাবলৈ অনুৰোধ কৰে । ইয়াৰ পিছত গুগলৰ উত্তৰ আহে যে ‘মাত্ৰ দুটা শাৰী বাকী আছে, সেইটোও আপুনিয়ে গাই দিয়ক’, তাকে শুনি আচৰিত হৈ পৰে বিদ্যা ।