চিটাৰা ডেস্ক, 10 ফেব্ৰুৱাৰী : মালয়ালম চিনেমাৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰী পি কে ৰ’জীৰ জন্মবাৰ্ষিকী উপলক্ষে গুগলে শ্ৰদ্ধাঞ্জলি জনাইছে । 1903 চনৰ 10 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা পি কে ৰ’জী আছিল মালয়ালম ছবি জগতৰ প্ৰথম মহিলা অভিনেত্ৰী (Malayalam first female actor PK Rosy) । তেওঁ জে চি ডেনিয়েলৰ পৰিচালিত বিগঠাকুমাৰণ (দ্য লষ্ট চাইল্ড)ত অভিনয় কৰিছিল ।
তেওঁৰ 1903 চনত ত্ৰিবান্দ্ৰমৰ নন্দনকোডেৰ এটা পুলায়া পৰিয়ালত জন্ম হৈছিল । জীৱিত আত্মীয়ই জনোৱা মতে, তেওঁৰ খুব কম বয়সতে দেউতাকৰ মৃত্যু হৈছিল, যাৰ ফলত পৰিয়ালটো অত্যাধিক দাৰিদ্ৰতাত পৰিছিল ৷ সৰু থাকোতে তেওঁ ঘাঁহকটীয়া হিচাপে কাম কৰিছিল । কলাৰ প্ৰতিও তেওঁৰ আছিল এক বিশেষ আকৰ্ষণ ৷
শিৱ আৰু পাৰ্বতী যাযাবৰী হিচাপে পৃথিৱীলৈ অহাৰ কাহিনীৰ আধাৰত নিৰ্মিত তামিল লোকনাট্যৰ শৈলী কাক্কিৰাসী নট্টকাম অধ্যয়নৰ বাবেও তেওঁ নিয়মিতভাৱে চুবুৰীতে থকা পৰিবেশ্য কলাৰ বিদ্যালয়ত পঢ়িছিল আৰু তামিল আৰু মালায়ালমৰ সংমিশ্ৰণত প্ৰদৰ্শন কৰিছিল ।
সেই সময়ত অভিনয়ক পৰম্পৰাগতভাৱে মহিলাৰ বৃত্তি হিচাপে গণ্য কৰা হোৱা নাছিল আৰু অভিনয়ক গুৰুতৰ কেৰিয়াৰ বুলি ভবা মহিলাসকলক লাইচেন্সিয়াছ বা "ঢিলা" বুলি গণ্য কৰা হৈছিল । ৰ’জীৰ অভিনয়ৰ প্ৰতি থকা আকৰ্ষণ ইমানেই অধিক আছিল যে মানুহে তেওঁৰ কথা কি বুলি ভাবিব সেই বিষয়ে চিন্তা কৰিবলৈ তেওঁ সময় পোৱা নাছিল ( first Malayalam female actor) । বহুতে দৃঢ়তাৰে কয় যে তেওঁৰ পৰিয়ালে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ পিছত তেওঁৰ নাম ৰাজম্মাৰ পৰা ৰোজাম্মালৈ সলনি কৰিছিল ।