চিটাৰা ডেস্ক, 23 অক্টোবৰ:ভাৰতীয় চলচ্চিত্ৰ জগতত বহু পাকিস্তানী শিল্পীয়ে কাম কৰি জনপ্ৰিয়তা অৰ্জন কৰিছে ৷ সেয়া লাগিলে ফাৱাদ খানেই হওক বা মাহিৰা খানেই হওক, ৰাহত ফাতেহ আলী খান বা নুছৰত ফাতেহ আলী খানেই হওক হিন্দী চলচ্চিত্ৰ জগতত বহু পাকিস্তানী শিল্পীয়ে কাম কৰিছে ৷ ভাৰতীয় দৰ্শকেও এইসকল শিল্পীক বহুত ভাল পাইছিল ৷
কিন্তু ৭ বছৰ পূৰ্বে এটা ঘটনা সংঘটিত হৈছিল ৷ দৰাচলতে ২০১৬ চনত দেশত উৰি আক্ৰমণ সংঘটিত হৈছিল আৰু ইয়াৰ পিচতে সীমান্তৰ সিপাৰৰ পৰা শিল্পীৰ প্ৰৱেশ উদ্যোগটোত নিষিদ্ধ কৰা হৈছিল । এই খবৰৰ পিচতে পাকিস্তানী শিল্পীক ভাল পোৱা অনুৰাগীসকল নিৰাশ হৈ পৰিছিল ৷ কিন্তু এতিয়া আহিছে এটা ভাল খবৰ । বিগত ৭ বছৰে পাকিস্তানী শিল্পীৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা বৃদ্ধিৰ দাবীত বম্বে উচ্চ ন্যায়ালত দাখিল কৰা আবেদন নাকচ কৰিছে আদালতে । অৰ্থাৎ এতিয়া আকৌ এবাৰ পাকিস্তানী শিল্পীয়ে ভাৰতত কাম কৰাৰ সুযোগ পাব ।
বম্বে উচ্চ ন্যায়ালয়ে পাকিস্তানী শিল্পীক দেশত নিষিদ্ধ কৰাৰ আবেদন নাকচ কৰিছে। এই আবেদনত ভাৰতীয় নাগৰিক, কোম্পানী আৰু সংগঠনসমূহে পাকিস্তানী অভিনেতা, গায়ক, সংগীতজ্ঞ আৰু কাৰিকৰী বিদ্যাবিদসকলক তেওঁলোকৰ প্ৰকল্পত অন্তৰ্ভুক্ত কৰাত বাধা দিবলৈ বিচাৰিছিল ।
কিন্তু এই সন্দৰ্ভত আদালতে কয় সাংস্কৃতিক সম্প্ৰীতি, ঐক্য আৰু শান্তি প্ৰসাৰিত কৰাটো প্ৰয়োজনীয় ৷ শিল্প, সংগীত, ক্ৰীড়া, সংস্কৃতি আৰু পৰম্পৰাৰ দৰে কাৰ্যকলাপে শান্তিৰ ক্ষেত্ৰত অৰিহণা যোগায় । ভাৰত চৰকাৰে পাকিস্তানী ক্ৰিকেট দলটোক ভাৰতত অনুষ্ঠিত হৈ থকা বিশ্বকাপত অংশগ্ৰহণৰ অনুমতি দিয়াৰ পিচতে বম্বে উচ্চ ন্যায়ালয়ে দেশত পাকিস্তানী শিল্পীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ আবেদন নাকচ কৰে ।