চিটাৰা ডেস্ক, ২১ আগষ্ট: ১৮ আগষ্টত ছবিগৃহত মুক্তি লাভ কৰিছে আৰ বাল্কিৰ পৰিচালিত ঘূমাৰ ছবিখন । এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিষেক বচ্চন আৰু ছাইয়ামি খেৰে । ছবিখনৰ কাহিনীভাগ দৰ্শকে অতিকৈয়ে পছন্দ কৰিছে ৷ অনুৰাগীৰ লগতে ছবিখনক সমালোচকসকলেও শলাগ লৈছে । কিন্তু যি অনুসৰি ছবিখনে প্ৰশংসা লাভ কৰিছে, সেই ধৰণৰ যাদু বক্স অফিচত দেখাব পৰা নাই ছবিখনে ৷
প্ৰথম দিনাই অভিষেক বচ্চনৰ এই ছবিখনে উপাৰ্জন কৰিছিল মাত্ৰ ৮৫ লাখ টকা । আনহাতে দ্বিতীয় দিনা এই সংখ্যাত সামান্য বৃদ্ধি দেখা গ’ল । ছবিখনে ১.১ কোটি টকাৰ ব্যৱসায় কৰিছিল । এতিয়া তৃতীয় দিনাৰ সংগ্ৰহ প্ৰকাশ পাইছে ৷ প্ৰথম দুদিনৰ তুলনাত দেওবাৰে ছবিখনৰ উপাৰ্জন কিছু বৃদ্ধি পাইছে ।
তৃতীয় দিনা ঘূমাৰে কিমান উপাৰ্জন কৰিছে ?
Sacnilk ৰ প্ৰতিবেদন অনুসৰি দেওবাৰে ছবিখনে আনুমানিক ১.৫০ কোটি টকাৰ ব্যৱসায় কৰিছে। তিনিদিনত ছবিখনে মুঠ ৩.৪৫ কোটি টকা উপাৰ্জন কৰিছে। উল্লেখ্য যে, বৰ্তমান তিনিখন ডাঙৰ ছবি ছবিগৃহত প্ৰদৰ্শিত হৈছে । প্ৰথমখন ছবি হৈছে ছানী দেওলৰ গদৰ ২, দ্বিতীয়খন অক্ষয় কুমাৰৰ অ’এমজি ২ আৰু তৃতীয়খন ৰজনীকান্তৰ জেইলাৰ । ক’ৰবাত যেন এই তিনিখন ছবিয়েও ঘূমাৰৰ ওপৰত প্ৰভাৱ পেলাইছে ।
ছবিখনৰ কাহিনী কি ?
ঘূমাৰৰ কাহিনীত এগৰাকী মহিলা ক্ৰিকেটাৰ (অনিনা) সোঁহাতৰ বেটছমেনক দেখুওৱা হয় । অৱশ্যে দুৰ্ঘটনাত অনিনাৰ সোঁহাতখন হেৰাবলগীয়া হয় ৷ ইয়াৰ পিচত তেওঁৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হৈ যায় । অভিষেক বচ্চনে ছবিখনত প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছে । এখন হাত হেৰুৱাৰ পিচত অভিষেকে অনিনাক বলাৰ হ’বলৈ প্ৰশিক্ষণ দিয়ে ৷ ইয়াত প্ৰত্যাহ্বানটো হ’ল অনিনাৰ মাত্ৰ বাওঁহাত । উল্লেখ্য যে, আৰ বাল্কীয়ে ইয়াৰ পূৰ্বে পা, পেডমেন, চুপ: ৰিভেঞ্জ অৱ দ্য আৰ্টিষ্ট, কি এণ্ড কা আদি ছবি নিৰ্মাণ কৰিছে ।
লগতে পঢ়ক:GHOOMER Collection Day 2: গদৰ ২ৰ বাবে বক্স অফিচত সংগ্ৰাম কৰিছে অভিষেক বচ্চনৰ ঘূমাৰে, এতিয়ালৈকে ইমান উপাৰ্জন কৰিছে ছবিখনে