অসম

assam

Actress Politician Love: কেৱল পৰিনীতি চোপ্ৰাই নহয়, এইসকল অভিনেত্ৰীয়েও হৈছে ৰাজনৈতিক পৰিয়ালৰ বোৱাৰী

Parineeti Raghav Engagement: অভিনেত্ৰী পৰিনীতি চোপ্ৰাই আজি আপৰ সাংসদ ৰাঘৱ চাড্ডাৰ সৈতে বাগ্দান কৰিবলৈ ওলাইছে । অৱশ্যে বলীউডৰ কেইগৰাকীমান জনপ্ৰিয় অভিনেত্ৰীও ৰাজনীতিবিদৰ পৰিয়ালৰ সৈতে নাম সাঙোৰ খাইছে ।

By

Published : May 13, 2023, 12:47 PM IST

Published : May 13, 2023, 12:47 PM IST

Get to know those heroines who have become daughters-in-law of families involved in politics
কেৱল পৰিনীতি চোপ্ৰাই নহয়, এইসকল অভিনেত্ৰীয়েও হৈছে ৰাজনৈতিক পৰিয়ালৰ বোৱাৰী

চিটাৰা ডেস্ক, 13 মে’: অভিনেত্ৰী পৰিনীতি চোপ্ৰাই আজি আপৰ সাংসদ ৰাঘৱ চাড্ডাৰ সৈতে বাগ্দান কৰিবলৈ ওলাইছে। অৱশ্যে বলীউডৰ সুন্দৰীসকলে ৰাজনীতিবিদৰ প্ৰেমত পৰাটো প্ৰথম নহয়। ইয়াৰ পূৰ্বে এইগৰাকী অভিনেত্ৰীয়েও এজন ৰাজনীতিবিদক বিয়া কৰাইছে । বলীউডৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ আজি আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাড্ডাৰ বাগদান । দিল্লীৰ কন’ট প্লেচৰ কাপুৰথালা হাউচত বাগদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে এই অনুষ্ঠান । সন্ধিয়া ৫ বজাত আৰম্ভ হ’ব এই অনুষ্ঠান লগতে ৮ বজাত দুয়োজনে ইজনে আনজনক আঙঠি পিন্ধাই এক পবিত্ৰ বান্ধোনত বান্ধ খাব (Parineeti Chopra in a relationship)।

পৰিনীতি-ৰাঘৱক বিগত কেইদিনমানৰ পৰা প্ৰায়েই একেলগে দেখা গৈছিল (Actress Politician Love)। কিছুদিন পূৰ্বে মুম্বাইত ৰাঘৱ চাড্ডাৰ সৈতে লাঞ্চ ডেটত পৰিনীতিক দেখা পোৱা গৈছিল আৰু সেই সময়ৰ পৰাই ছ’চিয়েল মিডিয়াত তথা সংবাদ মাধ্যমত দুয়োজনে শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ’ব পাৰে বুলি বহু চৰ্চা চলিছিল । উল্লেখ্য যে, পৰিনীতি আৰু ৰাঘৱে লণ্ডন স্কুলৰ পৰা একেলগে পঢ়া-শুনা কৰিছে (raghav chadha)।

একে সময়তে অভিনেত্ৰী স্বৰা ভাস্কৰেও সমাজবাদী পাৰ্টিৰ নেতা ফাহাদ আহমেদক নিজৰ হৃদয় সপি দিছিল । এই খবৰে সমগ্ৰ ছ’চিয়েল মিডিয়াত তথা সংবাদ মাধ্যমত তোলপাৰ লগাইছিল ৷ স্বৰা ভাস্কৰে এই বৰ্ষতে ফাহাদ আহমেদৰ সৈতে বিবাহপাশত আৱদ্ধ হয় । আদালতত দুয়োজনে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত দুয়োজনে হিন্দু আৰু মুছলমান ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হয় (What did Parineeti Chopra study)।

স্বৰা আৰু ফাহাদৰ সাক্ষাৎকাৰ এক প্ৰতিবাদৰ সময়ত হৈছিল ৷ ইয়াৰ পিছত মেছেজ পিছত ইজনে আনজনক প্ৰায়েই লগ কৰিছিল ৷ প্ৰথমে স্বৰাই ফাহাদক কেৱল নিজৰ এগৰাকী ভাল বন্ধু বুলি কৈছিল ৷ কিন্তু ৬ জানুৱাৰীত দুয়োজনে কোৰ্ট মেৰেজ কৰি সকলোকে আচৰিত কৰি তুলিছিল । দুয়োৰে এই বিবাহক লৈ ছ’চিয়েল মিডিয়াত প্ৰচণ্ড ট্ৰ’লিং আৰম্ভ হৈছিল । লগতে বহুলোকে তেওঁলোকক বহুতো ভাল বেয়া কমেন্ট কৰিছিল (How are Priyanka and Parineeti related)।

আনহাতে, টাৰ্জান দ্য ৱাণ্ডাৰ কাৰৰ সৈতে বলীউডত ভৰি দিয়া অভিনেত্ৰী আয়েছা টাকিয়াৰো বিবাহপাশত আৱদ্ধ হয় এজন ৰাজনীতিবিদৰ পুত্ৰৰ সৈতে । আয়েছাই সমাজবাদী পাৰ্টিৰ নেতা আবু আজমীৰ পুত্ৰ ফাৰহান আজমীৰ প্ৰেমত পৰিছিল (Who is the husband of Parineeti Chopra)। আৰু ২০০৯ চনত দুয়োগৰাকীয়ে বিবাহ পাশত আৱদ্ধ হয় ।

আনহাতে আন এটি জনপ্ৰিয় যুটি হৈছে ৰিতেশ দেশমুখ আৰু জেনেলিয়া ডিচুজা ৷ জেনেলিয়া ডিচুজাইও মহাৰাষ্ট্ৰৰ ১৪ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় ৰাজনীতিবিদ বিলাসৰাও দগাডোজিৰাও দেশমুখৰ পুত্ৰ ৰিতেশ দেশমুখৰ সৈতে প্ৰেমবিবাহ কৰে (Is Parineeti Chopra in a relationship)৷

দুয়োগৰাকীৰে প্ৰথম সাক্ষাৎকাৰ হৈছিল ২০০৩ চনত ‘তুঝে মেৰী কাছাম’ ছবিৰ চেটত । দুয়োজনে এই ছবিখনৰ জৰিয়তে একেলগে বলীউডত আত্মপ্ৰকাশ কৰিছিল আৰু এই ছবিখনৰ পিছত ইজনে আনজনৰ প্ৰেমত পৰিছিল আৰু ইয়াৰ পৰাই তেওঁলোকৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল । ইয়াৰ পিছত ২০১২ চনত দম্পতীহালে আড়ম্বৰপূৰ্ণভাৱে বিবাহপাশত আৱদ্ধ হয় । ৰিতেশ আৰু জেনেলিয়াৰ বিবাহ ইণ্ডাষ্ট্ৰীৰ গ্ৰেণ্ড ৱেডিঙৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয় (Parineeti Raghav Engagement)।

লগতে পঢ়ক:Pulwama Attack : পুলৱামা আক্ৰমণৰ ওপৰত নিৰ্মাণ হৈছে ৱেব-ছিৰিজ, এই ২ জন অভিনেতাক দেখা যাব ৱেব-ছিৰিজত

ABOUT THE AUTHOR

...view details