অসম

assam

By

Published : Mar 26, 2023, 10:13 PM IST

ETV Bharat / entertainment

Gauri Khan: ইনষ্টাগ্ৰামত পাৰিবাৰিক ফটো শ্বেয়াৰ কিং খানৰ পত্নী গৌৰী খানৰ, অনুৰাগীয়ে ক’লে পাৰফেক্ট ফেমেলি

গৌৰী খানে ইনষ্টাগ্ৰামত স্বামী শ্বাহৰুখ খান আৰু নিজৰ আটাইকেইগৰাকী সন্তানৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে (Gauri Khan) ৷ চাওক কি ক’লে অনুৰাগীয়ে ৷

Gauri Khan shares picture with Shah Rukh Khan and kids Aryan, Suhana and AbRam, fans say perfect family
গৌৰী খানে ইনষ্টাগ্ৰামত স্বামী শ্বাহৰুখ খান আৰু নিজৰ আটাইকেইগৰাকী সন্তানৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে

চিটাৰা ডেস্ক, 26 মাৰ্চ: বলীউডৰ কিং খানৰ অনুৰাগীসকলৰ বাবে এটা চাৰপ্ৰাইজ ৷ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পত্নী তথা ইণ্টেৰিয়ৰ ডিজাইনাৰ গৌৰী খানে ইনষ্টাগ্ৰামত নিজৰ পৰিয়ালৰ সৈতে শেহতীয়াকৈ এখন ফটো শ্বেয়াৰ কৰিছে (Gauri Khan recent instagram post) ৷

ফটোখনত আছিল শ্বাহৰুখ খান, গৌৰী খান আৰু তেওঁলোকৰ সন্তান আৰিয়ান, চুহানা আৰু আবৰাম ৷ পৰিয়ালৰ আটাইকেইগৰাকী সদস্য থকা এই মৰমলগা পাৰিবাৰিক প্ৰতিকৃতিখনত সকলোৱে ক’লা সাজ পৰিধান কৰা পৰিলক্ষিত হৈছে ৷ ছবিখন গৌৰীৰ কফি টেবুলৰ কিতাপ ‘মাই লাইফ ইন ডিজাইন’ৰ এখন ছবি (Family portrait of Shah Rukh Khan)।

দেওবাৰে গৌৰী খানে ছ’চিয়েল মিডিয়াত এই পাৰিবাৰিক ফটোখন পোষ্ট কৰি অনুৰাগীসকলক কফি টেবুল বুকখনৰ সৈতে পৰিচয় কৰাই দিছিল ৷ বলীউডৰ পাৱাৰ কাপল শ্বাহৰুখ খান আৰু গৌৰী খানৰ প্ৰতিখন ছবিৰ সৈতে দুয়ো আটাইতকৈ বিচৰা দম্পতীৰ ভিতৰত অন্যতম হৈ পৰে (Gauri Khan shares picture with Shah Rukh Khan)। আনকি এই ছবিখনতো ৩১ বছৰ বিবাহৰ পিচতো তেওঁলোকৰ মৰম কম হোৱা যেন লগা নাই ৷

ফটোখনত কিং খানক ক’লা টি-চাৰ্ট, মেচিং ক’লা ট্ৰাউজাৰ আৰু জেকেট পিন্ধা পৰিলক্ষিত হয় ৷ আনহাতে গৌৰীক ডিপ নেকলাইনৰ ক’লা ড্ৰেছত অতি সুন্দৰ দেখা পোৱা গৈছে ৷ এছ আৰ কেৰ পদাংক অনুসৰণ কৰি আৰিয়ান আৰু আবৰামেও ক’লা কাপোৰ পৰিধান কৰা দেখা যায় ৷ ছ’চিয়েল মিডিয়াত বহুগুণে জনপ্ৰিয়তা বৃদ্ধি পোৱা ক’লা-বগা সাজ-পোছাকত চুহানাক অতি মৰম লগা দেখা পোৱা গৈছিল ৷ আবৰাম আৰু আৰিয়ানক এছ আৰ কেৰ চিৰিয়াছ লুক অনুকৰণ কৰা দেখা যায়, আনহাতে গৌৰী আৰু চুহানাক একে লুকত দেখা পোৱা যায় (Suhana and AbRam)।

গৌৰীয়ে ছবিখন শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পিচতে অনুৰাগীয়ে কমেণ্ট ছেকচনত হাৰ্ট ইমোজি প্ৰেৰণ কৰা দেখা যায় ৷ ছবিখনৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজন অনুৰাগীয়ে লিখিছে, "মেমক পোষ্ট কৰাৰ বাবে ধন্যবাদ ।" আন এজনে লিখিছে, "হেণ্ডচাম আৰু গোৰজিয়াছ ৷ কিং খান আৰু পৰিয়াললৈ যথেষ্ট মৰম ৷" আন এজন অনুৰাগীয়ে কমেন্ট কৰিছে, "পাঠান কি পৰিয়াল" (Gauri Khan Instagram post)।

লগতে পঢ়ক:Parineeti Raghav Roka: ৰাঘৱৰ সৈতে পৰিণীতি চোপ্ৰাৰ বিবাহ ঠিক হ’ল নেকি ? চাওক প্ৰমাণ

ABOUT THE AUTHOR

...view details