অসম

assam

By

Published : May 12, 2023, 11:27 AM IST

ETV Bharat / entertainment

Gauhar Khan: পিতৃ-মাতৃ হ’ল অভিনেত্ৰী গৌহাৰ খান আৰু জাইদ দৰবাৰ

বি-টাউনৰ অভিনেত্ৰী গৌহাৰ খানক লৈ আহিছে এটা ভাল খবৰ । ছ’চিয়েল মিডিয়া যোগে অভিনেত্ৰীগৰাকীয়ে জনালে নিজৰ মাতৃ হোৱাৰ খবৰ (Gauhar Khan) ৷

Gauhar Khan Zaid Darbar blessed with baby boy
মাতৃ হ’ল গৌহৰ খান

চিটাৰা ডেস্ক, ১২ মে’: সৰু পৰ্দাৰ পৰা ডাঙৰ পৰ্দালৈ নিজৰ অভিনয়ৰে এক সুকীয়া স্থান বনাবলৈ সক্ষম হোৱা অভিনেত্ৰী গৌহাৰ খানৰ ঘৰত আহিছে সুখবৰ ৷ ১০ মে’ত গৌহৰ খান আৰু তেওঁৰ স্বামী জাইদ দৰবাৰৰ ঘৰত আহিছে এগৰাকী সৰু অতিথি । হয়, মাতৃ হ’ল গৌহৰ খান ৷ পুত্ৰ সন্তান জন্ম দিলে গৌহৰ খানে (Gauhar Khan Blessed with Baby Boy) ৷ বুধবাৰে ছ’চিয়েল মিডিয়াত এই কথা ঘোষণা কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

পুত্ৰ সন্তানৰ মাতৃ হ’ল অভিনেত্ৰী গৌহৰ খান

বিগ বছ বিজয়ী গৌহৰ খান (Gauhar Khan) অন্তঃসত্বা হোৱাৰ খবৰ বিয়পি পৰাৰ পিচতে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল এই মুহূৰ্তটোৰ বাবে যেতিয়া তেওঁলোকৰ প্ৰিয় অভিনেত্ৰীগৰাকীৰ ঘৰত আহিব সৰু আলহী। এনে পৰিস্থিতিত অৱশেষত ১০ মে’ত আহিল সেই সুখবৰটো ৷ গৌহৰ খানে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত মাতৃ হোৱাৰ তথ্য শ্বেয়াৰ কৰিছে (Gauhar Khan Baby) ।

বিশেষ টোকা লিখি গৌহৰ খানে কৈছে- "এয়া ল’ৰা, সঁচা অৰ্থত ২০২৩ চনৰ ১০ মে’ত আমি উপলব্ধি কৰিছো প্ৰকৃত সুখ । সকলোৰে মৰম আৰু প্ৰাৰ্থনাৰ বাবে ধন্যবাদ ।" নতুনকৈ পিতৃ-মাতৃ হোৱা জাইদ আৰু গৌহৰৰ আনন্দৰ যেন সীমা নাইকিয়া হৈ পৰিছে (Gauhar Khan pregnant) ৷

অনুৰাগীয়ে গৌহৰক অভিনন্দন জনাইছে

ইনষ্টাগ্ৰামত গৌহৰ খানে এই কথা ঘোষণা কৰাৰ লগে লগে তেওঁৰ আপোনজনৰ পৰা অভিনন্দনৰ সোঁত বৈ আহিছে । গৌহৰৰ ইনষ্টা পোষ্টত বহুতে অভিনন্দন জ্ঞাপন কৰিছে । ইয়াৰ সমান্তৰালকৈ অনুৰাগীসকলে অভিনেত্ৰী গৌহৰ খান আৰু তেওঁৰ স্বামী জাইদ দৰবাৰক পিতৃ-মাতৃ হোৱাৰ পিচত জীৱনৰ নতুন আৰম্ভণিৰ বাবে শুভকামনা জনাইছে (Gauhar Zaid blessed baby boy) । উল্লেখ্য যে ২০২০ চনত গৌহৰ খান আৰু জাইদ দৰবাৰৰ বিবাশপাশত আৱদ্ধ হৈছিল ।

লগতে পঢ়ক:Janhvi Kapoor in Ulajh: আহি আছে জাহ্নৱী কাপুৰৰ নতুন থ্ৰিলাৰ ছবি, ছবিখনৰ বিষয়ে সবিশেষ জানক এই প্ৰতিবেদনত

ABOUT THE AUTHOR

...view details