অসম

assam

ETV Bharat / entertainment

Shilpa Shetty: স্বামীক মাস্ক পিন্ধাই ঘৰলৈ গণপতিক আনিলে শিল্পাই শেট্টীয়ে; অনুৰাগীৰ সমালোচনা - শিল্পাই স্বামীক মাস্ক পিন্ধাই ঘৰলৈ আনিলে গণপতি

সমগ্ৰ দেশতে উদযাপন হৈছে গণেশ চতুৰ্থী । এনে পৰিস্থিতিত চেলিব্ৰিটিসকল ব্যস্ত হৈ পৰিছে এই উৎসৱ উদযাপনত ৷ এইক্ষেত্ৰত পিচ পৰি থকা নাই অভিনেত্ৰী শিল্পা শেট্টী ৷ স্বামীৰ সৈতে গণেশ বাবাৰ মূৰ্তি আনিবলৈ গ’ল শিল্পা ৷ চাওক ভিডিঅ’ ৷

Ganesh Chaturthi 2023: Shilpa Shetty takes ganesha home with masked raj kundra
স্বামীক মাস্ক পিন্ধাই গণপতি আনিবলৈ গ’ল শিল্পা শ্বেট্টী

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 2:03 PM IST

চিটাৰা ডেস্ক, ১৮ ছেপ্টেম্বৰ: বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী শিল্পা শেট্টী ধৰ্মীয় পৰম্পৰাত বিশ্বাস কৰা নাৰী ৷ অভিনেত্ৰীগৰাকীক বিভিন্ন উৎসৱ-পাৰ্বন অতি ধুম-ধামেৰে উদযাপন কৰা দেখা যায় ৷ গণেশ চতুৰ্থী উৎসৱ ওচৰ চাপি অহাৰ লগে লগে অভিনেত্ৰীগৰাকীৰ বাসগৃহত দেখা গৈছে উখল-মাখল পৰিৱেশ ৷ শিল্পা শেট্টীয়ে বছৰ বছৰ ধৰি এই উৎসৱ পালন কৰি আহিছে । প্ৰতি বছৰে শিল্পাই এই উৎসৱ অতি উৎসাহ আৰু উদ্যমেৰে পালন কৰে ।

এইবাৰো পিছ পৰি থকা নাই শিল্পা শেট্টী, অভিনেত্ৰীগৰাকীয়ে মুম্বাইৰ এখন মূৰ্তি কৰ্মশালাৰ পৰা অতি ধুম-ধামেৰে ভগৱান গণেশৰ মূৰ্তি ঘৰলৈ আদৰি আনে ৷ পৰম্পৰাগত সাজত শিল্পা শেট্টীক তেওঁৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ সৈতে দেখা গৈছিল । মুম্বাইৰ ৰাজপথৰ এখন মূৰ্তিৰ দোকানৰ বাহিৰত দেখা গৈছিল অভিনেত্ৰীগৰাকীক ।

অনাৰকলি চুটত ধুনীয়া দেখা গৈছে অভিনেত্ৰীগৰাকীক

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই দম্পতীৰ গণেশ বাবাক ঘৰলৈ আদৰি লৈ যোৱাৰ ভিডিঅ’। ভিডিঅ’বোৰত অভিনেত্ৰীগৰাকীয়ে সেউজীয়া ৰঙৰ অনাৰকলি চুট পৰিধান কৰা দেখা গৈছে ৷ চুটৰ সৈতে তেওঁ ৰঙীন ডাঠ দোপাট্টা পৰিধান কৰিছিল । ভাৰতীয় বেশ-ভূষা সম্পূৰ্ণ কৰিবলৈ অভিনেত্ৰীগৰাকীয়ে সৰু ফোট লগাইছিল আৰু চুলিকোচা মেলি ৰাখিছিল । আনহাতে স্বামী ৰাজ কুন্দ্ৰাই ডেনিম জিন্সৰ সৈতে কমলা ৰঙৰ কুৰ্তা পৰিধান কৰিছিল । অৱশ্যে ৰাজে মুখখন মাস্কেৰে ঢাকি ৰাখিছিল আৰু মুখখন অধিক লুকুৱাবলৈ অভাৰছাইজ হুডিও পৰিধান কৰিছিল । ভগৱান গণেশৰ মূৰ্তিটো লৈ কৰ্মশালাৰ পৰা ওলাই অহাৰ লগে লগে অনুৰাগী আৰু পাপাৰাজীয়ে আগুৰি ধৰে দুয়োকে ৷

ৰাজ কুন্দ্ৰাৰ মাস্কক লৈ একাংশৰ ট্ৰ’ল

ৰাজ কুন্দ্ৰাক এই ৰূপত দেখি এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে- কেতিয়া খোল খাব ৰাজৰ কইনাৰ ওৰণি ? আন এগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰি লিখিছে- ৰাজ কুন্দ্ৰাই মুখ লুকুৱাই ৰখাৰ দৰে কাম কৰিছে, সেইবাবেই মুখ লুকুৱাই ৰাখিছে নেকি ? আন এজনে লিখিছে- শিল্পা জী, আপোনাৰ স্বামীক বুজাওক আৰু কিমান দিনলৈকে মুখখন লুকুৱাই ৰাখিব ? এজন লিখিছে- তেখেতে মুখখন ঢাকি ৰখাটোৱে মাত্ৰ তেওঁৰ গোচৰৰ কথা মনত পেলাই দিয়ে ৷ নহ’লে এতিয়ালৈকে মানুহে ইয়াৰ বিষয়ে পাহৰি গ’লহেঁতেন...তেওঁ যিকোনো সাধাৰণ ব্যক্তিৰ দৰে ঘূৰি ফুৰিব পাৰে ৷

লগতে পঢ়ক:Ganesh Chaturthi 2023: আৰক্ষীৰ সাজত গণেশ বাবাক ঘৰলৈ আনিলে শিৱই

ABOUT THE AUTHOR

...view details