চিটাৰা ডেস্ক, 31 আগষ্ট :আজি সমগ্ৰ দেশতে উলহ-মালহকৈ পালন কৰা হৈছে গণেশ চতুৰ্থী । এই উপলক্ষে চাৰিওদিশে গণপতি বাপ্পাক নিজ গৃহলৈ আদৰণি জনাইছে ভক্তসকলে । গণেশ চতুৰ্থীক লৈ বলীউড আৰু টিভি তাৰকাসকলৰ মাজতো দেখিবলৈ পোৱা যায় এক বিৰাট উৎসাহ (Ganesh Chaturthi 2022 ) ৷ বাপ্পাক ঘৰলৈ আনি সকলোৱে চলাইছে পূজাৰ বাবে প্ৰস্তুতি ।
পিছে এতিয়া গণেশ চতুৰ্থীৰ উছাহৰ মাজতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে বাপ্পাৰ এটি বিশেষ মূৰ্তিয়ে ৷ চুপাৰহিট ছবি ‘পুষ্পা - দ্য ৰাইজ’ৰ অভিনেতা আল্লু অৰ্জুনৰ চৰিত্ৰ পুষ্পৰাজৰ ষ্টাইলত নিৰ্মিত গণপতি বাপ্পাৰ এটা মূৰ্তিক লৈ সৰৱ আলোচনা চলিছে ছ’চিয়েল মিডিয়াত ৷ এই মূৰ্তিৰ ফটোখন ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে ।
বগা সাজত পুষ্পা ষ্টাইলত বাপ্পা
ভাইৰেল হৈ থকা মূৰ্তিটোত বগা সাজ পিন্ধি গণপতি বাপ্পাক পুষ্পৰাজ ষ্টাইলত বহি থকা দেখা গৈছে (Ganpati idol inspired by Allu Arjun pushpa style)। আল্লু অৰ্জুনৰ হাতৰ স্বাক্ষৰ শৈলী দিয়া হৈছে মূৰ্তিটোত । ছবিখনত আল্লুয়ে এই ষ্টাইলত মে ঝুকেগা নাহি... সংলাপ কোৱা দেখা গৈছিল ৷
এতিয়া এই ভাইৰেল মূৰ্তিটোক লৈ ইউজাৰ সকলে নানা ধৰণৰ মন্তব্য কৰিছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "মই ভাবো ভগৱান গণেশক আমি সকলোৱে ভগৱান হিচাপেই গণ্য কৰোঁ আৰু ঈশ্বৰৰ সৈতে এই ধৰণৰ কাম কৰা উচিত নহয় । আপুনি যদি আল্লু অৰ্জুনৰ অনুৰাগী তেন্তে সেইয়া অনুভৱ নিজৰ মাজতে ৰাখক" ।