অসম

assam

ETV Bharat / entertainment

Gandhi Godse Ek Yudh: ৰাজকুমাৰ সন্তোষীৰ আগন্তুক ছবি গান্ধী গডছে এক যুদ্ধৰ ট্ৰেইলাৰ মুকলি - মহাত্মা গান্ধী আৰু নাথুৰাম গডছে

ৰাজকুমাৰ সন্তোষীৰ আগন্তুক ছবি গান্ধী গডছেৰ ট্ৰেইলাৰ মুকলি (Gandhi Godse Ek Yudh)। ছবিখনত আৰু নাথুৰাম গডছে আৰু মহাত্মা গান্ধীৰ মাজত হোৱা মতাদৰ্শক চিত্ৰিত কৰা হৈছে । 2023 বৰ্ষৰ 26 জানুৱাৰীত গণতন্ত্ৰ দিৱসৰ দিনটোতে ছবিগৃহত মুক্তি পাব ছবিখনে ।

Gandhi Godse Ek Yudh trailer Rajkumar Santoshi depicts war of ideologies on two ends of spectrum
গান্ধী গডছে এক যুদ্ধৰ ট্ৰেইলাৰ মুকলি

By

Published : Jan 12, 2023, 11:44 AM IST

নেশ্যনেল ডেস্ক, 12 ডিচেম্বৰ: বুধবাৰে পৰিচালক ৰাজকুমাৰ সন্তোষীৰ শেহতীয়া ছবি (Director Rajkumar Santoshi's upcoming film)গান্ধী গডছে:এক যুদ্ধৰ ট্ৰেইলাৰ মুকলি কৰা হয় (Gandhi Godse Ek Yudh trailer launched)। ট্ৰেইলাৰটোৰ ভিডিঅ’ত দেখা পোৱা অনুসৰি ক’ব পাৰি যে ছবিখন মহাত্মা গান্ধী আৰু নাথুৰাম গডছেৰ মাজত হোৱা মতাদৰ্শৰ যুদ্ধখনক চিত্ৰিত কৰা হৈছে । লগতে ভাৰত বিভাজনৰ পিছৰ দুখজনক সময়ৰ বিষয়ে ট্ৰেইলাৰত এক শক্তিশালী আভাস দিয়া হৈছে ।

ছবিখনৰ মুখ্য চৰিত্ৰত নাথুৰাম গডছে আৰু মহাত্মা গান্ধীৰ অলৌকিক সাদৃশ্য দেখুওৱা হৈছে । উল্লেখ্য যে ১৯৪৮ চনৰ ৩০ জানুৱাৰীত মহাত্মা গান্ধীক দিনৰ পোহৰত গুলীয়াই হত্যা কৰা জনেই হৈছিল নাথুৰাম গডছে । গান্ধী গডছে এক যুদ্ধ ছবিখন এক কাল্পনিক কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে, য’ত মহাত্মা গান্ধীয়ে আক্ৰমণৰ পৰা ৰক্ষা পৰে আৰু পিছত কাৰাগাৰত নাথুৰাম গডছেক লগ পায় আৰু কথা-বতৰাৰ ফলত তেওঁলোকৰ মাজত উত্তেজনাময় এক বিতৰ্কৰ সৃষ্টি হয় ।

লগতে পঢ়ক:Pathaan trailer : তিনিটা ভাষাত মুকলি 'পাঠান'ৰ ট্ৰেইলাৰ

ট্ৰেইলাৰৰ এই ভিডিঅ’টোত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছৰ সময়চোৱাৰ আভাস পোৱা গৈছে ৷ ভিডিঅ’টোত থকা দৃশ্যাংশ অনুসৰি, সেই সময়ত হোৱা বিভাজন তথা হিন্দু আৰু মুছলমানৰ মাজত হোৱা সংঘৰ্ষৰ পিছত ভাৰতৰ নৱ সাৰ্বভৌম ৰাষ্ট্ৰখন অশান্তিৰ মাজলৈ ঠেলি দিয়া হৈছিল ।

উল্লেখ্য যে গ্ৰেমী আৰু অস্কাৰ বিজয়ী কণ্ঠশিল্পী এ.আৰ. ৰহমানে ছবিখনৰ বাবে নিখুঁত সুৰ সৃষ্টি কৰিছে । ছবিখনত মহাত্মা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে দীপক আন্তানীয়ে আৰু ইয়াৰ বিপৰীতে ছবিখনত নাথুৰাম গডছেৰ চৰিত্ৰত দেখা পোৱা যাব চিন্ময় মণ্ডলকাৰক । ৰাজকুমাৰ সন্তোষীৰ কামবেক ছবি গান্ধী গডছে এক যুদ্ধত সন্তোষীৰ কন্যা তনিশা সন্তোষীয়ে অভিনয়ৰ জৰিয়তে (Tanisha Santoshi debut) পুন প্ৰথমবাৰৰ বাবে ডাঙৰ পৰ্দাত আত্মপ্ৰকাশ কৰিব (Rajkumar Santoshi comeback film) ৷

ছবিখন লিখিছে অছগৰ ৱাজাহাট আৰু ৰাজকুমাৰ সন্তোষীয়ে ৷ গান্ধী গডছে এক যুদ্ধৰ জৰিয়তে ৰাজকুমাৰ সন্তোষীয়ে পুনৰ ৯ বছৰৰ পিছত ৰূপালী পৰ্দালৈ উভতি আহিছে । সন্তোষী প্ৰডাকচনছ এলএলপিয়ে ৰাজকুমাৰ সন্তোষীৰ দ্বাৰা পৰিচালিত তথা এ.আৰ. ৰহমানৰ সুমধুৰ সংগীতৰ সৈতে এখন পিভিআৰ পিকচাৰ্ছ ৰিলিজৰ পৰিকল্পনা কৰিছে ৷ মানিলা সন্তোষীৰ দ্বাৰা প্ৰযোজিত গান্ধী গডছে এক যুদ্ধআগন্তুক 26 জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱসৰ দিনটোতে ছবিগৃহত মুক্তি দিবৰ বাবে ইতিমধ্যেই সাজু হৈছে (Gandhi Godse Ek Yudh)।

লগতে পঢ়ক:Golden Globe Award: RRR ৰ 'নাটু নাটু' গীতলৈ গোল্ডেন গ্লোব বঁটা

ABOUT THE AUTHOR

...view details