চিটাৰা ডেস্ক, 16 আগষ্ট: চিনেমা জগতৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ । মাত্ৰ ৩৬ বছৰ বয়সতে মৃত্যুক সাৱটি লৈছে ‘গেমছ অৱ থ্ৰ’নছ’ৰ অভিনেতা ডেৰেন কেণ্টে । বাতৰি অনুসৰি কেণ্টে দীৰ্ঘদিন ধৰি এক বিৰল ৰোগৰ সৈতে যুঁজি আছিল । এই দীৰ্ঘদিনীয়া ৰোগৰ সৈতে যুঁজি অৱশেষত ডেৰেন কেণ্টে পৃথিৱীৰ পৰা বিদায় লয় ৷ অভিনেতাগৰাকীৰ আকস্মিক মৃত্যুৰ খবৰে সকলোকে স্তম্ভিত কৰি তুলিছে ৷ ছ’চিয়েল মিডিয়াত সকলোৱে অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে ।
কেনেকৈ মৃত্যু হৈছে ডেৰেন কেণ্টৰ ?
১১ আগষ্টত মৃত্যু হয় ডেৰেন কেণ্টৰ ৷ কিন্তু মঙলবাৰে এটা টুইটযোগে এই কথা নিশ্চিত কৰা হৈছে । টেলেণ্ট এজেন্সীয়ে টুইট কৰি কয়- ‘‘অতি দুখৰ সৈতে আমি আপোনালোকক জনাব লাগিব যে আমাৰ প্ৰিয় বন্ধু তথা ক্লায়েণ্ট ডেৰেন কেণ্টৰ শুকুৰবাৰে মৃত্যু হয় । মাতৃ-পিতৃ আৰু তেওঁৰ বন্ধুবৰ্গ তেওঁৰ সৈতে আছিল । এই কঠিন সময়ত আমি তেওঁৰ পৰিয়ালৰ সৈতে আছোঁ । শান্তিৰে জিৰণি লওক বন্ধু ।’’
গুৰুতৰ ৰোগত আক্ৰান্ত হৈছিল ডেৰেন