অসম

assam

ETV Bharat / entertainment

Gadar Song: 'মে নিকলা গাড্ডি লে কে' গীত মুক্তি, গীতটিত দেখা গ’ল তাৰা-সাকিনাৰ পুৰণি ষ্টাইল - ছানী দেওল আৰু অমিষা পেটেল

মুক্তি পালে বলীউডৰ অভিনেতা ছানী দেওল আৰু অমিষা পেটেলৰ ছবি ‘গদৰ ২’ৰ নতুন গীত ‘মে নিকলা গাড্ডি লেকে’। এই গীতটোত কি বিশেষ আছে জানি লওক এই প্ৰতিবেদনত ।

Gadar 2 Main Nikla Gaddi Leke new verson song out now, watch video
গদৰ ২ ৰ নতুন গীত মুকলি

By

Published : Aug 3, 2023, 7:03 PM IST

চিটাৰা ডেস্ক, 3 আগষ্ট: শেহতীয়াকৈ চৰ্চাত আছে বলীউডৰ অভিনেতা ছানী দেওলৰ আগন্তুক ছবি ‘গদৰ ২’ । ১১ আগষ্টত, এই ছবিখন ছবিগৃহত মুক্তিৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে। একে সময়তে মুক্তিৰ পূৰ্বে ছবিখনৰ মেকাৰে অনুৰাগীৰ বাবে মুক্তি কৰিছে গদৰ 2 ৰ নতুন গীত ৷ ‘গদৰ 2’ৰ নতুন গীত ‘মে নিকলা গড্ডি লেকে’ মুক্তি পালে । গীতটোত তাৰা আৰু সাকিনাক আনন্দত নৃত্য় কৰা দেখা গৈছে ৷

গীতটোত কি কি নতুনত্ব আছে ?

ছানী দেওল আৰু অমিষা পেটেলৰ ‘গদৰ 2’ ছবিখনত সকলোৰে দৃষ্টি নিক্ষেপ হৈ আছে ৷ এনে পৰিস্থিতিত এই গীতটোতো নিৰ্মাতাসকলে তাৰা-সাকিনাৰ যুটিটোক সম্পূৰ্ণৰূপে দেখুৱাবলৈ চেষ্টা কৰিছে। গীতটোৰ কথা একেই যদিও নতুন সুৰেৰে দৰ্শকৰ আগত উপস্থাপন কৰা হৈছে। তাৰা আৰু সাকিনাৰ লগতে তেওঁলোকৰ মৰমৰ পুত্ৰ জীতেও এইবাৰ গাড্ডী লেকে গীতটোত নৃত্য কৰা দেখা গৈছে ৷

গীতটিৰ কাহিনী কি ?

'গদৰ' ছবিখনৰ গীতটোত মে নিকলা গাড্ডি লেকে গীতটোত তাৰা সিঙে নৃত্য কৰিছিল ৷ একে সময়তে ‘গদৰ ২’ত সলনি হৈছে ৰাইডাৰ ৷ আচলতে জীতে পিতৃ তাৰাৰ পৰা এখন বাইক বিচাৰে ৷ যাৰ বাবে তাৰাই একেবাৰেই একমত নহয় । কিন্তু এবাৰ সাকিনাই মৰমেৰে তাৰাক কয় দি দিয়ক না পুত্ৰক বাইকখন ৷ সাকিনাৰ কথাত লগে লগে মান্তি হয় তাৰা আৰু পুত্ৰ জিতেৰ বাবে ক্ৰয় কৰে এখন বাইক ৷ গীতটোৰ আৰম্ভণিতে তাৰাই বাইকখন জীতেক উপহাৰ দিয়ে। ইয়াৰ পিচত গীতটো আৰম্ভ হয় ।

পিতৃ-পুত্ৰৰ যুটি

বুলেট বাইকখনৰ ওপৰত বহি পিতৃ-পুত্ৰৰ যুটিটোৱে গীত গাবলৈ আৰম্ভ কৰে । ছানী দেওলৰ পুৰণি হুক ষ্টেপবোৰো গীতটোত সংযোজন কৰা হৈছে। অৱশ্যে এই গীতটো শুনাৰ পিছত আপোনালোকৰ নিশ্চয় মনত পৰিব পুৰণি গীত মে নিকলা গড্ডি লেকে । আনহাতে, পিতা-পুত্ৰক একেলগে দেখি সুখী সাকিনা ।

লগতে পঢ়ক:Sunny Deol: ভাৰত-পাকিস্তানৰ সম্পৰ্কক লৈ কি ক’লে ছানী দেওলে ?

ABOUT THE AUTHOR

...view details