চিটাৰা ডেস্ক, ২ জানুৱাৰী: প্ৰৱঞ্চনাৰ বলি হ’ল টিভি আৰু বলীউডৰ সুপৰিচিত মুখ ৰাকেশ বেদী । দৰাচলতে ফোন কেলেংকাৰীৰ বলি হৈছে অভিনেতাগৰাকী ৷ সেয়েহে, এনে লোকৰ প্ৰতি সতৰ্ক হ’বলৈ আহ্বান জনাইছে ৰাকেশ বেদীয়ে । ৰাকেশ বেদীয়ে কয় যে এতিয়া বহু প্ৰৱঞ্চকে সেনা জোৱানৰ ভাও লৈ প্ৰৱঞ্চনা আৰম্ভ কৰিছে ।
উল্লেখ্য যে, ৰাকেশ বেদীয়ে অশিৱাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ এজাহাৰত তেওঁ উল্লেখ কৰিছে যে ৭৫ হাজাৰ টকাৰ প্ৰৱঞ্চনাৰ বলি হৈছে । সংবাদ মাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি তেওঁ কৈছে,‘‘মই বৃহৎ ক্ষতিৰ পৰা ৰক্ষা পৰিছো । মই বিচাৰো যে সেনাৰ নামত প্ৰৱঞ্চনা কৰা এনে প্ৰৱঞ্চকৰ পৰা মানুহ সতৰ্ক হ’ব লাগে ।’’
সমগ্ৰ ঘটনাটো কি ?
ঘটনাৰ বিৱৰণী অনুসৰি ভাৰতীয় সেনাৰ বুলি দাবী কৰা এজন ব্যক্তিৰ পৰা ৰাকেশ বেদীলৈ আহিছিল এটা ফোন কল ৷ ফোনযোগে সেই লোকজনে কৈছিল তেওঁৰ পুনেৰ ফ্লেটটোৰ প্ৰতি তেওঁ আগ্ৰহী । ইয়াৰ পিচত তেওঁ সেই ব্যক্তিজনৰ একাউণ্টলৈ তেওঁ ৭৫ হাজাৰ টকা ট্ৰেন্সফাৰ কৰিছিল, কিন্তু তাৰ পিচ মুহূৰ্ততে অভিনেতাগৰাকীয়ে উপলব্ধি কৰে যে তেওঁৰ সৈতে প্ৰৱঞ্চনা হৈছে ৷ তেওঁ কয় যে এনে লোকে প্ৰায়ে নিশা ফোন কৰে । যাতে তেওঁক প্ৰতাৰণা কৰা বুলি গম পালেও অভিযোগ দাখিল কৰিবলৈ বহু দেৰি হয় ।