চিটাৰা ডেস্ক, 29 ছেপ্টেম্বৰ: বৃহস্পতিবাৰে চিনেমাগৃহত মুক্তি লাভ কৰিছে ৰিচা চাড্ডা, বৰুণ শৰ্মা, পুলকিত সম্ৰাট, মনজোত সিং আৰু পংকজ ত্ৰিপাঠীৰ অভিনীত ছবি ফুক্ৰে ৩ ছবি । ছবিখনে মুক্তিৰ দিনাই বক্স অফিচত ভাল ফলাফল দেখুৱাইছে ৷ Sacnilk ৰ প্ৰাৰম্ভিক হিচাপ অনুসৰি মুকলিৰ দিনটোত ৮.৫ কোটি টকা সংগ্ৰহ কৰিছে ছবিখনে । মৃগদ্বীপ সিং লাম্বাৰ পৰিচালনাত নিৰ্মিত এই কমেডী ফ্লিক ছবিখন সফল ট্ৰাইলজীৰ তৃতীয় পাৰ্ট ।
দ্বিতীয় দিনটোত কিমান সংগ্ৰহ কৰিলে Fukrey ৩ য়ে ?
দ্বিতীয় দিনটোত Fukrey 3 য়ে বক্স অফিচত ৭.৯৮ কোটি টকা উপাৰ্জন কৰে বুলি উদ্যোগ ট্ৰেকাৰ Sacnilk য়ে প্ৰকাশ কৰিছে । ইয়াৰ লগে লগে মুঠ সংগ্ৰহ হৈছেগৈ ১৬.৪৮ কোটি টকা । ছেকনিল্কৰ মতে শুকুৰবাৰে বক্স অফিচত Fukrey 3 ৰ দখল আছিল ২২.১২ শতাংশ । কংগনা ৰানাৱটৰ ‘চন্দ্ৰমুখী ২’ আৰু বিবেক অগ্নিহোত্ৰীৰ ‘দ্য ভেকচিন ৱাৰ’ৰ সমান্তৰালকৈ ছবিগৃহত মুক্তি পোৱা ফুক্ৰে ৩ ছবিখনেই আছিল আটাইতকৈ বেছি সমাদৰ লাভ কৰা ছবি ।
শ্বাহৰুখ খানৰ জৱানে বক্স অফিচত আদিপত্য বিস্তাৰ কৰাৰ সময়তে ছবিগৃহত মুক্তি লাভ কৰিছে ‘দ্য ভেকচিন ৱাৰ’, ’চন্দ্ৰমুখী ২’ আৰু ফুক্ৰে ৩ ৷ কিন্তু এইকেইখন ছবিৰ সৈতে প্ৰতিযোগিতা কৰি বক্স অফিচত এক নম্বৰত আছে ফুক্ৰে ৩ ৷
ছিকুৱেলৰ ট্ৰেণ্ডৰ বিষয়ে ছবিখনৰ প্ৰযোজক ৰিতেশ সিধৱানীয়ে কয় যে এনে অসংখ্য ছবিৰ ছিকুৱেল আছে যিয়ে নিজৰ গতি বজাই ৰাখিব পৰা নাই । প্ৰযোজকগৰাকীয়ে কয়, "মই এনে বহু ছিকুৱেল দেখিছো যিবোৰে বক্স অফিচত কাম নকৰিলে । সেইকেইখন ছবিৰ নাম নলও মই । চৰিত্ৰবোৰ স্মৰণীয় হ'লে আৰু মানুহে চাব পৰাকৈ ছবিখন হ’লে ই সফল হয় । আপুনি ছবি নিৰ্মাণ কৰিব পাৰে যদিহে আপুনি ছবিখনৰ কাহিনীটো বিশ্বাস কৰে ৷’’
এইবাৰো ফুক্ৰে ৩ৰ হানিৰ চৰিত্ৰত অভিনয় কৰিছে পুলকিত সম্ৰাট, চূচাৰ চৰিত্ৰত বৰুণ শৰ্মা আৰু লালিৰ চৰিত্ৰত মঞ্জোৎ সিং আৰু ভোলীৰ চৰিত্ৰত অভিনয় কৰিছে ৰিচা চাড্ডাই ৷
লগতে পঢ়ক:The Vaccine War Collection Day 1: দ্য কাশ্মীৰ ফাইলছৰ দৰে ফলাফল দেখুৱাব নোৱাৰিলে বিবেক অগ্নিহোত্ৰীৰ দ্য ভেকচিন ৱাৰে