অসম

assam

ETV Bharat / entertainment

HBD Nagarjuna: জন্মদিনত ঘোষণা নাগাৰ্জুনৰ ৯৯ সংখ্যক ছবি ‘না সমী ৰঙা’, কেতিয়া মুক্তি পাব ? - নাগাৰ্জুন

দক্ষিণৰ ছুপাৰষ্টাৰ নাগাৰ্জুন আকিনেনীয়ে জন্মদিন উপলক্ষে মুকলি তেওঁৰ আগন্তুক ছবিৰ টিজাৰ ৷ চাওক ভিডিঅ’ ৷

For the third time, Nagarjuna announced the 99th film 'Na Sami Ranga', will be released on this day
নাগাৰ্জুনৰ নতুন ছবি

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 8:32 PM IST

চিটাৰা ডেস্ক, ২৯ আগষ্ট: আজি দক্ষিণৰ ছুপাৰষ্টাৰ নাগাৰ্জুন আকিনেনীয়ে উদযাপন কৰিছে জন্মদিন । জন্মদিন উপলক্ষে ছুপাৰষ্টাৰগৰাকীয়ে অনুৰাগীৰ বাবে এক উপহাৰ লৈ আহিছে ৷ আচলতে অভিনেতাগৰাকীয়ে জন্মদিনত তেওঁৰ ৯৯ সংখ্যক ছবিৰ কথা ঘোষণা কৰিছে। কেৱল ছবিখনৰ কথা ঘোষণা কৰাই নহয়, লগতে ছবিখনৰ পৰা তেওঁৰ ফাৰ্ষ্ট লুক পোষ্টাৰ আৰু টাইটেলো শ্বেয়াৰ কৰিছে ।

নাগাৰ্জুনৰ আহিবলীয়া ছবিখন হৈছে ‘না সমী ৰঙা’ ৷ ‘না সমী ৰঙা’ ২০২৪ চনৰ জানুৱাৰী মাহত ছবিগৃহত মুক্তি পাব । ছবিখনৰ নিৰ্মাতাসকলে ফাৰ্ষ্ট লুক পোষ্টাৰ আৰু টাইটেল ৰিলিজৰ জৰিয়তে ছবিখনৰ কথা ঘোষণা কৰে । জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ বিজয় বিন্নীয়ে ‘না সমী ৰঙা’ ছবিখনৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিব ৷ শ্ৰীনিবাস ছিলভাৰ স্ক্ৰীণৰ বেনাৰত প্ৰযোজনা কৰিছে এই ছবিখন । অহা বছৰ সংক্ৰান্তি উপলক্ষে মুক্তি পাব নাগাৰ্জুনৰ এই ছবিখন ।

নাগাৰ্জুনক শক্তিশালী ৰূপত দেখা যাব এই ছবিখনত, মেকাৰে মুকলি কৰা টাইটেল প্ৰিভিউত নাগাৰ্জুনৰ লুক সম্পূৰ্ণ বেলেগ যেন দেখা গৈছে ৷ নাগাৰ্জুনৰ এনে লুক পূৰ্বে কেতিয়াও দেখা পোৱা নাছিল অনুৰাগীয়ে । টিজাৰ ভিডিঅ’টোত আউলি বাউলি চুলি আৰু দাড়ি, হাতত চিগাৰেট জ্বলি থকা দেখা যায় । ভিডিঅ’টোত এজাক গুণ্ডা নায়কৰ বাবে অপেক্ষা কৰি আছে আৰু নাগাৰ্জুনক ৰজাৰ ৰূপত দেখুওৱা হৈছে।

নাগাৰ্জুনক শেষবাৰৰ বাবে দেখা গৈছিল ‘দ্য গোষ্ট’ত, অনুৰাগীসকলেও কিছুদিনৰ পৰা অপেক্ষা কৰি আছিল নাগাৰ্জুনৰ শক্তিশালী প্ৰত্যাৱৰ্তনৰ বাবে । সংক্ৰান্তি ২০২৪ ত মুক্তি পাবলৈ সাজু হৈছে ‘না সমী ৰঙা’ ৷ এই ছবিখন পৰিচালনা কৰিছে বিজয় বিন্নীয়ে । ছবিখনৰ বাকী তাৰকা অভিনেতাসকলৰ বিষয়ে এতিয়াও একো প্ৰকাশ হোৱা নাই । এই ছবিখনৰ সংগীত ৰচনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী তথা অস্কাৰ বিজয়ী এম এম কীৰাৱানীয়ে ।

লগতে পঢ়ক:Not Ramaiya Vastavaiya Song OUT: মুক্তি লাভ কৰিলে জৱানৰ তৃতীয়টো গীত, নয়নতৰাৰ সৈতে নৃত্য কৰিলে কিং খানে

ABOUT THE AUTHOR

...view details