চিটাৰা ডেস্ক, 22 ডিচেম্বৰ :মুম্বাইত অনুষ্ঠিত হৈ যায় ফিল্ম ফেয়াৰ অ’টিটি এৱাৰ্ডছ ৷ অভিষেক বচ্চন অভিনীত Dasvi য়ে লাভ কৰিলে শ্ৰেষ্ঠ ছবিৰ বঁটা ৷ লগতে ছবিখনত কৰা অভিনয়ৰ বাবে অভিষেক বচ্চনে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা ৷ অভিনেত্ৰী তাপসী পন্নুৱে Looop Lapeta ছবিখনৰ বাবে লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা ৷
অ’টিটি প্লেটফৰ্মৰ বহু প্ৰতিষ্ঠিত তাৰকাৰ সমাহেৰেৰে Filmfare OTT Awards 2022 অনুষ্ঠিত হৈ যায় ৷ ৰবীনা টেণ্ডন, অনিল কাপুৰ, নীনা গুপ্তা, ভূমি পেডনেকাৰ, বিদ্যা বালন, নেহা ধুপিয়া, গৌহৰ খানকে ধৰি বহু চেলেব্ৰিটী উপস্থিত থাকে উক্ত বঁটা প্ৰদান অনুষ্ঠানত ৷
অভিষেক বচ্চনে Dasvi ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৱেৱ অৰিজিনেল ফিল্ম-মেল এৱাৰ্ড লাভ কৰে ৷ তুষাৰ জলোটাৰ এই ছবিখন এখন হাস্যমধুৰ ছবি ৷ ছবিখনত নিম্ৰিত কৌৰ আৰু য়ামী গৌতমেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৷ দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল ছবিখনে ৷
ছবিখনত অভিষেকে অষ্টম শ্ৰেণীলৈকে পঢ়ি উত্তীৰ্ণ হোৱা এজন মূখ্যমন্ত্ৰীৰ ভূমিকাত অভিনয় কৰিছে ৷ গংগা ৰাম চৌধাৰীৰ চৰিত্ৰটোত কেলেংকাৰীত লিপ্ত হৈ জেলত সোমাই থকা অভিষেকৰ অভিনয়ক প্ৰশংসা কৰিছে দৰ্শকে ৷ চৌধাৰীৰ পত্নী বিমলা দেৱীৰ চৰিত্ৰত অভিনয় কৰিছে নিম্ৰিত কৌৰে যিয়ে স্বামী জেলত থকা সময়ত মূখ্যমন্ত্ৰী ৰূপে সকলো দায়িত্ব গ্ৰহণ কৰে ৷
Filmfare OTT Awards 2022 ৰ বিজয়ী সকলৰ সম্পূৰ্ণ তালিকা-
শ্ৰেষ্ঠ ধাৰাবাহিক – ৰকেট বয়ছ
শ্ৰেষ্ঠ ধাৰাবাহিক ক্ৰিটিক – তব্বৰ
শ্ৰেষ্ঠ পৰিচালক ধাৰাবাহিক – অভয় পান্নু (ৰকেট বয়ছ)
শ্ৰেষ্ঠ পৰিচালক ধাৰাবাহিক ক্ৰিটিক – অজিতপাল সিং (তব্বৰ)
শ্ৰেষ্ঠ অভিনেতা (পুৰুষ): নাটক – পৱন মালহোত্ৰা (তব্বৰ)
নাটক ধাৰাবাহিকৰ শ্ৰেষ্ঠ অভিনেতা (পুৰুষ) – জিম চাব (ৰকেট বয়ছ)
ধাৰাবাহিকৰ শ্ৰেষ্ঠ অভিনেত্ৰী: নাটক – ৰবীনা টেণ্ডন (আৰণ্যাক)
শ্ৰেষ্ঠ অভিনেত্ৰী, নাটক, সমালোচকৰ বঁটা (মহিলা) – সাক্ষী তনৱাৰ (মাই)
শ্ৰেষ্ঠ অভিনেতা (পুৰুষ): কমেডী – জমীল খান (গুল্লাক চিজন 3)
শ্ৰেষ্ঠ অভিনেতা, কমেডী, ক্ৰিটিক (পুৰুষ) – জিতেন্দ্ৰ কুমাৰ (পঞ্চায়ত চিজন 2)
শ্ৰেষ্ঠ অভিনেত্ৰী, ধাৰাবাহিক (মহিলা): কমেডী – গীতাঞ্জলি কুলকাৰ্ণী (গুল্লাক চিজন 3)
শ্ৰেষ্ঠ অভিনেতা, কমেডী, সমালোচকৰ বঁটা – মহিলা – মিথিলা পালকাৰ (লিটিল থিংছ চিজন ৪)
শ্ৰেষ্ঠ সহযোগী অভিনেতা ধাৰাবাহিক (পুৰুষ): নাটক – গগণ অৰোৰা (তাবা)
ধাৰাবাহিকৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী (মহিলা): নাটক – সুপ্ৰিয়া পাঠক কাপুৰ (তাবা)
শ্ৰেষ্ঠ সহযোগী অভিনেতা ধাৰাবাহিক (পুৰুষ): কমেডী – ৰঘুবীৰ যাদৱ (পঞ্চায়ত চিজন 2)