অসম

assam

ETV Bharat / entertainment

Satish Kaushik passes away: সতীশ কৌশিকৰ মৃত্যুত শোক প্ৰকাশ বহু অভিনেতা-পৰিচালকৰ - কংগনা ৰানাৱট

যশস্বী অভিনেতা তথা পৰিচালক সতীশ কৌশিকৰ মৃত্যুত শোক প্ৰকাশ চলচ্চিত্ৰ উদ্যোগটোৰ অভিনেতা-পৰিচালক আৰু সহযোগীসকলৰ (Satish Kaushik passes away)।

Film celebrities mourn Actor director Satish Kaushiks demise
সতীশ কৌশিকৰ মৃত্যুত শোক প্ৰকাশ

By

Published : Mar 9, 2023, 11:37 AM IST

Updated : Mar 9, 2023, 12:04 PM IST

চিটাৰা ডেস্ক, 9 মাৰ্চ: নিজৰ কৌতুক অভিনয়ৰে দৰ্শকক হাঁহিৰ খোৰাক দি অহা যশস্বী অভিনেতা তথা পৰিচালক সতীশ কৌশিকে আজি সকলোকে কন্দুৱাই গুচি গ’ল (Satish Kaushik passes away) ৷ বলিষ্ঠ অভিনেতা তথা পৰিচালকগৰাকী ৬৬ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে ৷ অভিনেতাগৰাকীৰ মৃত্যুৰ পিচতে বলীউডত শোকৰ ছাঁ পৰিছে ৷ হানছাল মেহতা, ছোনী ৰাজদান, মনোজ বাজপেয়ী, কংগনা ৰানাৱটৰ দৰে চলচ্চিত্ৰ জগতৰ বহু অভিনেতা-অভিনেত্ৰী সামাজিক মাধ্যমযোগে প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷

যশস্বী অভিনেতাগৰাকীৰ ঘনিষ্ঠ বন্ধু তথা সহকৰ্মী অনুপম খেৰে পিটিআইক জনাই যে, তেওঁ দিল্লীৰ এজন বন্ধুৰ ঘৰত আছিল । হঠাৎ অস্বস্তি অনুভৱ কৰাত ড্ৰাইভাৰজনক হাস্পতাললৈ লৈ যাবলৈ ক’লে। কিন্তু দুৰ্ভাগ্যবশতঃ আদবাটতে হাৰ্ট এটেক হয় ৷ পুৱতি নিশাৰ 1 বজাত হৃদৰোগত আক্ৰান্ত হয় তেওঁ ৷ ইয়াৰ পূৰ্বে অভিনেতা অনুপম খেৰে কৌশিকৰ মৃত্যুৰ খবৰ টুইটাৰ যোগে শ্বেয়াৰ কৰিছিল (Film celebrities mourn Actor director Satish) ।

টুইটাৰত অনুপন খেৰে লিখিছিল,"মই জানো যে মৃত্যু এই পৃথিৱীৰ চূড়ান্ত সত্য ! কিন্তু মই মোৰ সপোনতো ভবা নাছিলোঁ যে মই এদিন মোৰ প্ৰিয় বন্ধুৰ মৃত্যুৰ খবৰ সামাজিক মাধ্যমত লিখিম । ৪৫ বছৰৰ বন্ধুত্বৰ হঠাৎ ফুল ষ্টপ !! সতীশ অবিহনে জীৱনটো কেতিয়াও আগৰ দৰে নহ’ব !"

ইফালে চলচ্চিত্ৰ নিৰ্মাতা হানছাল মেহতাই তেওঁৰ বিষয়ে কয়," সতীশ জী আপুনি অতি সোনকালেই গুচি গ’ল । বহুত মনত পৰিব আপুনি ৷ উন্নত চৰিত্ৰৰ প্ৰতি আপোনাৰ ক্ষুধা, গল্পৰ প্ৰতি থকা আকৰ্ষণ আৰু জীৱনৰ প্ৰতি থকা আপোনাৰ প্ৰেমৰ প্ৰতিস্থাপন সেয়া অপূৰণীয় । আমাৰ ছবি "এজন পৰিচালকৰ মৃত্যু" এতিয়া আৰু এখন ছবি নহয় । ওম শান্তি ।"

অভিনেতা-পৰিচালক ছোনী ৰাজদানে কয়," আমাৰ সমসাময়িক @satishkaushik2 আৰু নাই বুলি শুনি স্তম্ভিত হৈছো । তেওঁৰ সৈতে মাণ্ডী ছবিখনৰ শ্বুটিং কৰি থাকোঁতে প্ৰথমবাৰৰ বাবে তেওঁক লগ পাইছিলোঁ । তেওঁ আছিল সদায় হাঁহি থকা এজন আনন্দময় কোমল অন্তৰৰ লোক । তেওঁ নাই বুলি বিশ্বাস কৰিবলৈ বৰ কঠিন । RIP প্ৰিয় সতীশ, আপোনাক মিছ কৰিম।"

আনফালে কৌশিকৰ অৱসান ছবি জগতৰ বাবে এক বৃহৎ ক্ষতি বুলি কয় মনোজ বাজপেয়ীয়ে । তেওঁ সামাজিক মাধ্যমত লিখিছে," খবৰটো পঢ়ি হতভম্ব হৈছো ! চলচ্চিত্ৰ উদ্যোগটোৰ বাবে আৰু তেওঁৰ পৰিয়ালৰ বাবে এয়া এক ডাঙৰ ক্ষতি ! তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা ! আপুনি শান্তি লাভ কৰক সতীশ ভাই ৷"

বলীউডৰ কুইন কংগনা ৰানাৱটে কয়," এক ভয়ংকৰ খবৰ পাই সাৰ পাই উঠিলো ৷ তেওঁ আছিল মোৰ আটাইতকৈ ডাঙৰ চিয়াৰলিডাৰ তথা এজন অতি সফল অভিনেতা আৰু পৰিচালক #সতীশকৌশিক জী ব্যক্তিগতভাৱেও আছিল এজন অতি দয়ালু আৰু প্ৰকৃত মানুহ ৷ তেওঁক মিছ কৰিম, ওম শান্তি ।"

অভিনেতা অভিষেক বচ্চনে কয় যে অভিনেতাজনৰ মৃত্যুৰ খবৰ পাই তেওঁ “হতভম্ব” হৈ পৰিছে । অভিষেক বচ্চনে কয়, "এজন অতি কোমল, দয়ালু আৰু মৰমিয়াল ব্যক্তি । সদায় সুখী আৰু হাঁহিমুখীয়া । আমাৰ চলচ্চিত্ৰ উদ্যোগৰ বাবে এক বৃহৎ ক্ষতি । শান্তিৰে জিৰণি লওক প্ৰিয় সতীশ ককা । আমি সকলোৱে আপোনাক মিছ কৰিম ।"

দুদিনমান পূৰ্বে কৌশিকে হোলী পাৰ্টিৰ ফটো শ্বেয়াৰ কৰাৰ কথা মনত পেলাই অভিনেতা ৰেণুকা শ্বাহানে কয়,"সতীশ কৌশিক জী আৰু নাই বুলি শুনি থতমত খাইছোঁ । যোৱা কালি তেওঁ হোলীৰ কিছুমান মৰমলগা ফটো শ্বেয়াৰ কৰিছিল আৰু আজি তেওঁৰ মৃত্যুৰ হৃদয়বিদাৰক খবৰ আহিছে । জীৱনৰ প্ৰত্যেকটো মুহূৰ্ত অপ্ৰত্যাশিত, তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক ওম শান্তি ।"

দুদিন পূৰ্বে অভিনেতাগৰাকীক লগ পোৱা অভিনেতা সীমা পাহোৱাই কয় যে কৌশিকৰ মৃত্যুৰ খবৰত হতভম্ব হৈছে অভিনেতাগৰাকী। ইনষ্টাগ্ৰামৰ এটা পোষ্টত সীমাই কয়, "আপোনাৰ সুন্দৰ অভিনয়ক আমি সদায় মনত ৰাখিম।"

অভিনেতা ৰিতেশ দেশমুখে কয়,"বিশ্বাস কৰিব পৰা নাই আপুনি আৰু নাই ৷ আপোনাৰ হাঁহিটো এতিয়াও মোৰ কাণত বাজি আছে । দয়ালু আৰু উদাৰ সহ অভিনেতা হোৱাৰ বাবে ধন্যবাদ, নিৰৱ শিক্ষক হোৱাৰ বাবেও ধন্যবাদ । আপোনাক মিছ কৰা হ'ব, আপোনাৰ উত্তৰাধিকাৰ আমাৰ হৃদয়ত জীয়াই থাকিব । #SatishKaushik ji #RestInPeace ।"

অনুপম খেৰৰ টুইটত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চলচ্চিত্ৰ নিৰ্মাতা ৰাহুল ধোলাকিয়াই লিখিছে, Shocked!! অতি দুখৰ খবৰ ।

উল্লেখ্যে যে হাৰিয়ানাত জন্মগ্ৰহণ কৰা কৌশিক নেচনেল স্কুল অৱ ড্ৰামা আৰু ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ প্ৰাক্তন ছাত্ৰ আছিল । "মিষ্টাৰ ইণ্ডিয়া"ত কেলেণ্ডাৰ আৰু "দীৱানা মস্তানা"ত পাপ্পু পেজাৰৰ দৰে কমেডী চৰিত্ৰৰ অধিক জনপ্ৰিয় হৈ পৰিছিল যশস্বী অভিনেতাগৰাকী । "জানে ভি দো ইয়াৰোণ", ৰাম লখান, সাজন চালে সছুৰাল, মিষ্টাৰ এণ্ড মিচেছ খিলাদি, বাদে মিয়ান ছোটে মিয়ান, হাছিনা মান জায়েগী, "উদতা পঞ্জাব", ভাৰত, আৰু ছালাং আদি ছবিত অভিনয় কৰি মোহাচ্ছন্ন কৰিছিল দৰ্শকক ।

১৯৮৩ চনৰ কাল্ট ক্লাছিক "জানে ভি দো ইয়াৰো"ৰ সংলাপ লিখাৰ বাবে কৌশিকক কৃতিত্ব লাভ কৰে ৷ তেওঁ পৰিচালকৰ যাত্ৰাৰ আৰম্ভণি আছিল শ্ৰীদেৱী আৰু অনিল কাপুৰ নেতৃত্বাধীন ছবি ৰূপ কী ৰাণী, চৌৰো কা ৰাজা ছবিখনৰ জৰিয়তে । ইয়াৰ পিচত তেওঁৰ ছবি হম আপকে দিল মে ৰেহতে হে, হামাৰা দিল আপকে পাচ হে, বাধাই হো বাধাই, এই সকলোবোৰতে অনিল কাপুৰে অভিনয় কৰিছিল ৷

ইফালে ছলমান খানৰ অভিনীত ছবি তেৰে নাম আৰু কাগাজ তেওঁৰ পৰিচালনাত নিৰ্মিত হৈছিল । তেওঁৰ আগন্তুক ছবিসমূহৰ ভিতৰত আছে ইমাৰ্জেঞ্চি, ছলমান খানৰ "কিছি কা ভাই কিচি কি জান" আৰু ডিজনী+ হটষ্টাৰৰ ধাৰাবাহিক "পপকাউন"।

লগতে পঢ়ক:Satish Kaushik death: Mr India ৰ Calendar চৰিত্ৰৰে দৰ্শকৰ হৃদয় জিনা সতীশ কৌশিক গ’লগৈ অজান দেশলৈ

Last Updated : Mar 9, 2023, 12:04 PM IST

ABOUT THE AUTHOR

...view details