অসম

assam

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 2:25 PM IST

ETV Bharat / entertainment

তেজপুৰত শ্বুটিং কৰা ফাইটাৰৰ পৰা মুকলি ৬৬ বছৰীয়া অনিল কাপুৰৰ ফাৰ্ষ্ট লুক

Fighter Film Anil Kapoor: ফাইটাৰ ছবিখনৰ পৰা মুকলি অনিল কাপুৰৰ লুক । এই ছবিখনত অভিনেতাজনক এজন কমাণ্ডিং অফিচাৰৰ চৰিত্ৰত অভিনয় কৰা দেখা । ইয়াৰ পূৰ্বে দীপিকা পাডুকন আৰু হৃত্বিক ৰোশনৰ লুক প্ৰকাশ পাইছিল ।

Fighter: Meet Anil Kapoor as Group Captain Rakesh Jai Singh; character poster unveiled
ফাইটাৰ ছবিখনৰ পৰা মুকলি অনিল কাপুৰৰ লুক

চিটাৰা ডেস্ক, ৬ ডিচেম্বৰ: ২০২৪ চনৰ বহু প্ৰত্যাশিত ছবি ‘ফাইটাৰ’ক লৈ অনুৰাগীৰ মাজত দিনক দিনে বৃদ্ধি পাইছে উচাহ । অনুৰাগীৰ এই উচাহ আৰু অধিক বৃদ্ধি কৰিবলৈ হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনৰ পিচত ছবিখনৰ পৰা আজি মুকলি কৰা হয় অনিল কাপুৰৰ লুক । ছবিখনত অনিল কাপুৰককামাণ্ডিং অফিচাৰ ৰাকেশ জয় সিঙৰ চৰিত্ৰত দেখা যাব ।

কামাণ্ডিং অফিচাৰৰ ৰূপত অনিল কাপুৰ

অনিল কাপুৰৰ ফাইটাৰ লুকটো যথেষ্ট আকৰ্ষণীয় । ‘ফাইটাৰ’ত কমাণ্ডিং অফিচাৰ হিচাপে দেখা যাব অনিল কাপুৰক । ফটোখনত অনিল কাপুৰক কমাণ্ডিং অফিচাৰৰ ইউনিফৰ্ম পৰিধান কৰা দেখা গৈছে ।

অনিল কাপুৰে নিজেই ইনষ্টাগ্ৰামত ‘ফাইটাৰ’ ছবিখনৰ পৰা নিজৰ লুক শ্বেয়াৰ কৰিছে । অনুৰাগীয়ে অভিনেতাজনৰ এই লুকটো যথেষ্ট ভাল পাইছে । ইয়াৰ পূৰ্বে অনুৰাগীয়ে দীপিকা পাডুকন আৰু হৃত্বিক ৰোশনৰ লুকো যথেষ্ট পছন্দ কৰিছিল । তিনি তাৰকাৰ লুক প্ৰকাশৰ পিচতে ছবিখনৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগী ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে এই ছবিখন অহা বছৰ ২০২৪ চনৰ ২৫ জানুৱাৰীত মুক্তি পাব । আনহাতে এই ছবিখনৰ বহুখিনি দৃশ্যগ্ৰহণ অসমতো কৰা হয় ৷ অসমৰ তেজপুৰত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হয় ৷ ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে শেহতীয়াকৈ তেজপুৰলৈ আহিছিল হৃত্বিক ৰোশন, অনিল কাপুৰ আৰু দীপিকা পাডুকন ৷

অনিল কাপুৰৰ ৱৰ্কফ্ৰন্ট

সদ্য মুক্তি পোৱা ছবি ‘এনিমল’ত দেখা গৈছিল অনিল কাপুৰক । এই ছবিখনত অনিল কাপুৰে ৰণবীৰ কাপুৰৰ পিতৃ বলবীৰ সিঙৰ চৰিত্ৰত অভিনয় কৰিছে । ছবিখনৰ এজন ব্যৱসায়ী অনিল ইমানেই ব্যস্ত যে পুত্ৰক লগ কৰিবলৈও সময় নাথাকে । এই ছবিখনে বক্স অফিচত ব্যাপক ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । ছবিখনৰ উপাৰ্জন ভাৰতত প্ৰায় ৩০০ কোটি টকাৰ ওচৰ চাপিছে ।

লগতে পঢ়ক:তেজপুৰত দৃশ্যগ্ৰহণ কৰা ফাইটাৰৰ পৰা দীপিকা পাডুকনৰ ফাৰ্ষ্ট লুক প্ৰকাশ

ABOUT THE AUTHOR

...view details