চিটাৰা ডেস্ক, 31 মাৰ্চ: আপুনি আপোনাৰ প্ৰিয় ছবিৰ ডাইলগ ৰাজহুৱা স্থানত কৈ পাইছে নেকি ? যদি পাইছে তেতিয়াহ’লে এই প্ৰতিবেদন আপোনাৰ বাবে ৷ কিয়নো শেহতীয়াকৈ ছবিৰ ডাইলগে বিপদ মাতি আনিছে এজন যুৱকৰ বাবে ৷ আপুনি হয়তো ভাবিছে ছবিৰ ডাইলগে কেনেকৈ এজন লোকৰ বাবে বিপদ মাতিব পাৰে ৷ নহয় জানো ? কিন্তু তেনে এক ঘটনাই সংঘটিত হৈছে বাংগালুৰুত (Pro Pakistan chant case) ৷
শেহতীয়াকৈ, পশ্চিমবংগৰ পৰা বাংগালুৰুত অহা এজন যুৱকক পাকিস্তানী সমৰ্থক শ্লোগান দিয়াৰ অভিযোগত আটক কৰিছে আৰক্ষীয়ে ৷ কিন্তু পৰবৰ্তী সময়ত আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে যুৱকজনে শ্বাহিদ কাপুৰ আৰু বিজয় ছেঠুপতিৰ অভিনীত ফাৰ্জী ৱেব ছিৰিজৰ সংলাপ হে আওৰাই আছিল । মাইকো লেআউট থানাৰ সীমাৰ অন্তৰ্গত বিটিএম লেআউটত সংঘটিত হৈছে এই ঘটনা (Farzi dialogue mistaken for pro Pak slogan) ।
এতিয়া আহিছো ঘটনাৰ মূল বিৱৰণীলৈ, স্থানীয় ৰাইজে আৰক্ষীক ফোন কৰি এজন যুৱকে পাকিস্তান সমৰ্থক শ্লোগান দি থকা বুলি অভিযোগ দাখিল কৰে ৷ এই তথ্য লাভ কৰাৰ পিচতে মাইকো লেআউট আৰক্ষীৰ এটা দলে পলম নকৰাকৈ সেই স্থানত উপস্থিত হয় আৰু লগে লগে অভিযুক্ত যুৱকজনক জিম্মাত লৈ আৰম্ভ কৰে জেৰা । কিন্তু যুৱকজনক সোধা-পোছাৰ অন্ততহে ওলাই পৰে উৰহীৰ ওৰ (Bengaluru youth booked for Farzi dialogue) ৷