চিটাৰা ডেস্ক, ২৫ ছেপ্টেম্বৰ: যোৱা কেইদিনমানৰ পৰা খবৰ আহিছিল যে বলীউডৰ দাবাংগ অৰ্থাৎ ছলমান খানৰ ভাগিনী আলিজেহ অগ্নিহোত্ৰীয়ে অতি সোনকালে অভিনেতাজনৰ ছবি ‘ফেৰে’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব । অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাছিল । কিন্তু এতিয়া সকলোৰে অপেক্ষাৰ অন্ত পেলাই ছলমান খানে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত ছবিখনৰ টিজাৰ মুকলি কৰিছে। য’ত আলিজেহৰ আভাসো দেখা গৈছে।
ছলমান খানে মুকলি কৰিলে ফেৰেৰ টিজাৰ
ছলমান খানে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ফেৰেৰ টিজাৰ শ্বেয়াৰ কৰিছে। টিজাৰ মুক্তিৰ পূৰ্বে অভিনেতাগৰাকীয়ে এটা আকৰ্ষণীয় পোষ্ট শ্বেয়াৰ কৰিছিল । য’ত তেওঁ লিখিছিল - 'মই পুৱা এটা নতুন ফ শব্দ শিকিছো...এই বিষয়ে চাৰি বজাত ক’ম ।’ এতিয়া দিনৰ চাৰি বজাত অভিনেতাজনে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰিছে । এই কথা শ্বেয়াৰ কৰি তেওঁ কেপচনত লিখিছে - 'মই এই F শব্দটোৰ কথা কৈ আছিলো, আপুনি কি ভাবিছিল ! #FarrayTeaser এতিয়া মুকলি হ’ল ৷’
টিজাৰত দেখা গৈছে অভিনেতানৰ ভাগিনী আলিজেহৰ আভাস