চিটাৰা ডেস্ক, 7 মে’: বলীউডৰ বিখ্যাত অভিনেতা, প্ৰযোজক, লেখক, গায়ক আৰু চলচ্চিত্ৰ নিৰ্মাতা ফাৰহান আখটাৰৰ অনুৰাগীসকলৰ বাবে এটা সুখবৰ । ফাৰহানক ডিজনী প্লাছৰ আহিবলগীয়া শৃংখলা 'মিছ মাৰ্ভেল'ত দেখিবলৈ পোৱা যাব (Farhan Akhtar latest news) । শনিবাৰে এই বাতৰিটো ছ'চিয়েল মিডিয়াত জুইৰ দৰে বিয়পি পৰে । অভিনেতাজনে এটা পোষ্টৰ জৰিয়তে এই বাতৰিটোৰ নিশ্চিয়তা প্ৰদান কৰিছে অনুৰাগীক ।
শনিবাৰে বাতৰিটো বিয়পি পৰাৰ পিছত ফাৰহান আখটাৰে এখন ফটো শ্বেয়াৰ কৰে আৰু তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টত লিখে, "বিশ্বব্ৰহ্মাণ্ডই মোক আগবাঢ়ি যাবলৈ, শিকিবলৈ আৰু জীৱনত কিবা উপভোগ কৰিবলৈ দিয়া এই উপহাৰৰ বাবে মই কৃতজ্ঞ" ((Farhan Akhtar Instagram) ৷
অৱশ্যে, তেওঁৰ চৰিত্ৰৰ বিৱৰণ এতিয়াও প্ৰকাশ কৰা হোৱা নাই (Farhan Akhtar in Ms Marvel) । ৮ জুনত প্ৰিমিয়াৰৰ বাবে সাজু হৈছে 'মিছ মাৰ্ভেল' ৷ চিৰিজটোত ইমান ভেল্লানীক কমলা খানৰ চৰিত্ৰত দৰ্শকৰ সন্মুখলৈ লৈ যোৱা হ’ব ।