চিটাৰা ডেস্ক, 16 মে’: শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ’টোত একাংশ লোকে এজন ব্যক্তিক ৰাজহুৱাভাৱে প্ৰহাৰ কৰা দেখা গৈছে (Ram charan fans beat up man) । কিন্তু এই ব্যক্তিজনক কিয় এনেকৈ প্ৰহাৰ কৰা হৈছে জানেনে ? ৰ’ব সকলো বিৱৰি কম এই প্ৰতিবেদনত ৷
দৰাচলতে ভিডিঅ’টোৰ মতে এই ব্যক্তিজনে ৰাম চৰণৰ পত্নী উপাসনা কনিডেলাক এটা সাক্ষাৎকাৰত অপমানজনক মন্তব্য কৰিছিল (Global star Ram Charan)। এই মন্তব্যৰ পিচতেই খঙত অগ্নি শৰ্মা হৈ পৰে ৰাম চৰণৰ অনুৰাগী আৰু সুবিধা পোৱাৰ লগে লগেই ৰাম চৰণৰ অনুৰাগীয়ে সেই ব্যক্তিজনক উত্তম-মধ্যম সোধাই । ইয়াৰে এটা ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
ৰাম চৰণৰ অনুৰাগীয়ে প্ৰথমে অনুসৰণ কৰিছিল লোকজনক
ৰাম চৰণৰ সাতজন অনুৰাগীয়ে সুনিসিদ্ধ নামৰ ব্যক্তিজনক অনুসৰণ কৰে, যিয়ে ইউটিউব চেনেলত সাক্ষাৎকাৰ প্ৰচাৰৰ বাবে অভিনেতাৰ ওপৰত অশ্লীল মন্তব্য কৰে ৷ অৱশেষত ৰাম চৰণৰ সাতজন অনুৰাগীয়ে লোকজনক বিচাৰি উলিয়াইছিল ৷ বিচাৰি উলিয়াই বেয়াকৈ উত্তম-মধ্যম সোধাই ব্যক্তিজনক (Fans of ram charan thrash man) ৷ কেৱল প্ৰহাৰতে সীমাবদ্ধ হোৱা নাই, পিচত অনুৰাগীয়ে সেই ব্যক্তিজনক ৰাম চৰণ আৰু তেওঁৰ পত্নীৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য কৰায় (Ram Charan and Upasana Konidela)।
অনুৰাগীয়ে প্ৰশংসা কৰিছে
এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা দেখি ৰাম চৰণৰ অনুৰাগীয়ে এই কামৰ প্ৰশংসা কৰিছে । বহুতে কৈছে যে এই ব্যক্তিজনৰ লগত এনেকুৱাই কৰা উচিত (Man beaten up by ram charan fans) । আনহাতে আকৌ আন এজন অনুৰাগীয়ে লিখিছে, ‘এই ধৰণৰ ব্যৱহাৰেই এনে লোকৰ মাজত ভয়ৰ সৃষ্টি কৰিব যিসকলে ভাবে যে তেওঁলোকে যিকোনো কথা ক’লেই ৰক্ষা পৰিব ।’
অৱশ্যে তেওঁক পাঠ শিকাবলৈ হিংসাৰ আশ্ৰয় লোৱাৰ বিৰোধী আন একাংশ লোক । এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে, ‘মই শাৰীৰিক হিংসাক ক্ষমা নকৰো । যদিও এই লোকজনে কিয় বেয়া কথা কৈ থাকিব লাগে? পৰিয়ালৰ লোকে ইয়াক সংযত নকৰে নেকি ? তাৰকা হিৰো আৰু তেওঁলোকৰ পৰিয়ালৰ বিৰুদ্ধে আৱৰ্জনা কথা কৈ অপ্ৰয়োজনীয়ভাৱে অশান্তিৰ সৃষ্টি কৰিছে ।’
অনুৰাগীৰ সতৰ্কবাণী
এই ভিডিঅ’ ক্লিপটোত ৰাম চৰণৰ এজন অনুৰাগীয়ে এই ব্যক্তিজনক সতৰ্কবাণী দিয়াও দেখা গৈছে । য’ত তেওঁ কৈছে, ‘এই সকলোবোৰ মনত ৰাখিব আৰু পৰৱৰ্তী সময়ত যাতে এনেকৈ কথা নকয় । আপুনি জানে কিয় আপোনাক প্ৰহাৰ কৰা হৈছে আৰু আপুনি যি কৰিলে সেয়া ভুল । কোনো পৰিয়ালৰ মহিলাৰ ওপৰত মন্তব্য কৰিব নোৱাৰিব । এতিয়ালৈকে আপুনি ছবিৰ সমালোচনা কৰিছিল আৰু কোনেও কেতিয়াও একো কোৱা নাছিল । এতিয়াৰ পৰা কোনো নায়কৰ ব্যক্তিগত জীৱনৰ ওপৰত এনে মন্তব্য নকৰিব । এইটো ভুল ।'’
লগতে পঢ়ক:Adah Sharma accident: মৃত্যুৰ ভাবুকিৰ মাজতে দুৰ্ঘটনাৰ সন্মুখীন হয় আদা শৰ্মা; ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে তথ্য