চিটাৰা ডেস্ক, 17 নৱেম্বৰ :পাঞ্জাৱী মনোৰঞ্জন জগতৰ পৰা আহিছে এটি বেয়া খবৰ ৷ বৃহস্পতিবাৰে পুৱা দেহাৱসান ঘটে পাঞ্জাৱী অভিনেত্ৰী দলজিৎ কৌৰৰ (Daljit Kaur Khangura death)। এসময়ত দলজিৎ কৌৰ পাঞ্জাৱী চলচ্চিত্ৰ জগতত জিলিকি আছিল । বহুকেইখন হিট পাঞ্জাৱী ছবিতো অভিনয় কৰিছে তেওঁ । দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল 69 বছৰীয়া দলজিৎ কৌৰ ।
দলজিৎ কৌৰে 10 খনতকৈও অধিক হিন্দী আৰু 70 খনতকৈয়ো অধিক পাঞ্জাৱী ছবিত অভিনয় কৰিছে । দিল্লীৰ লেডী শ্ৰী ৰাম কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা দলজিৎ কৌৰে পুনে ফিল্ম ইনষ্টিটিউটত অভিনয় জীৱনৰ পাতনি মেলে । 1976 চনত তেওঁৰ প্ৰথমখন ছবি দাজ মুক্তি পাইছিল ।
চুপাৰহিট পাঞ্জাৱী ছবি পুট জত্তন দে, মাৰাম গুলা হে, কি বনুন বিষাদ দা, সৰ্পঞ্চ আৰু পাটোলাত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে । পথ দুৰ্ঘটনাত স্বামী হৰমিন্দৰ সিং দেউলৰ মৃত্যুৰ পিছত তেওঁ অভিনয় বন্ধ কৰি দিয়ে । তেওঁলোকৰ কোনো সন্তান নাছিল । 2001 চনত পুনৰ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰি মাতৃ আৰু বয়সৰ লগত খাপ খোৱা অন্যান্য চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে তেওঁ । পাঞ্জাৱী ছবি সিং ভাম কৌৰত জিপি গ্ৰেৱালৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল তেওঁ ।