চিটাৰা ডেস্ক, 23 এপ্ৰিল: কানাড়া টিভি উদ্যোগৰ বাবে এটা অতি দুখজনক খবৰ (Sampath Jayaram)। চিপ লৈ আত্মহত্যা কৰিলে জনপ্ৰিয় অভিনেতা সম্পথ জয়ৰামে । অতি কম বয়সতে মৃত্যুক সাবটি লয় অভিনেতাগৰাকীয়ে ৷ মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল মাত্ৰ ৩৫ বছৰ (Sampath J Ram Suicide)।
সম্পথ জয়ৰামে বহু টিভি ধাৰাবাহিক আৰু কিছুমান বৈশিষ্ট্যপূৰ্ণ ছবিৰ অংশ হিচাপেও কাম কৰি আহিছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি যোৱা ২২ এপ্ৰিলত অভিনেতাগৰাকীয়ে নেলামংগলাত থকা বাসগৃহত আত্মহত্যা কৰে । অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰত শোকস্তব্ধ হৈ পৰিছে উদ্যোগটো (Sampath J Ram Suicide news) ।
কাম নোপোৱাৰ বাবেই সম্পথ জয়ৰামে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে । ইফালে অভিনেতাগৰাকীৰ মৃত্যুৰ সন্দৰ্ভত এতিয়ালৈকে তেওঁৰ পৰিয়াল বা বন্ধু-বান্ধৱীৰ কোনো আনুষ্ঠানিক বক্তব্য অহা নাই । সম্পথৰ মৃতদেহ নেলামংগলাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৰখা হৈছে । অভিনেতা গৰাকীৰ শেষকৃত্য তেওঁৰ গৃহ চহৰ এন আৰ পুৰাত পৰিবেশন কৰা হ’ব বুলি জানিব পৰা গৈছে (Sampath J Ram)।