চিটাৰা ডেস্ক, 19 জুলাই : মঙলবাৰে পুৱা এটা খবৰ বিয়পি পৰিল যে, কিংবদন্তি চলচ্চিত্ৰ পৰিচালক মণিৰত্নম ক’ভিডত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছে ৷ তেওঁক চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয় (Director Maniratnam hospitalised) ৷ কিন্তু এতিয়া জানিব পৰা গৈছে যে, এই খবৰটো একেবাৰেই শুদ্ধ নহয় ৷ ই মাথো এক ভুৱা বাতৰিহে ৷ তেওঁৰ জনসম্পৰ্কৰক্ষী দলৰ পৰা স্পষ্টীকৰণ আহিল যে, পৰিচালকজন একেবাৰেই ক’ৰণাৰ বলি হোৱা নাই । তেওঁৰ ক’ভিড ৰিপৰ্ট নিগেটিভ আহিছে (Maniratnam latest news) ৷
পূৰ্বে একেদৰেই দক্ষিণৰ ছুপাৰষ্টাৰ বিক্ৰমক লৈয়ো এইদৰে ভুৱা বাতৰি প্ৰচাৰ হৈছিল ৷ প্ৰথমে বাতৰি প্ৰকাশ হৈছিল যে, তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল ৷ পিছত পৰিয়ালৰ লোকে জনোৱা মতে, তেওঁৰ বুকুত সামান্য বিষ হৈছিল যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু তেওঁৰ হাৰ্ট এটেকৰ ভুৱা বাতৰিয়ে পৰিয়ালৰ লোকক মানসিক আঘাত দিছিল ৷