চিটাৰা ডেস্ক, 15 অক্টোবৰ: দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ পৰা আহিছে এটা দুখৰ খবৰ । দেওবাৰে ইহলীলা সম্বৰণ কৰিলে তামিল চিনেমাৰ জনপ্ৰিয় কলা নিৰ্দেশক মিলান ফাৰ্নাণ্ডেছে । আৰ্ট ডাইৰেক্টৰ হিচাপে কাম কৰা মিলানৰ হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ । আজাৰবাইজানত ছবিৰ শ্বুটিঙত ব্যস্ত হৈ থকাৰ সময়তে হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ।
উল্লেখ্য যে, অজিত কুমাৰৰ অভিনীত ছবি ‘বিদা মুয়াৰচি’ৰ শ্বুটিং আজাৰবাইজানত চলি আছিল আৰু ছবিখন পৰিচালনা কৰি আছিল মেগিছ থিৰুমেনী । মিলানো একেটা শ্বুটিঙতে নিয়োজিত হৈছিল ৷ কিন্তু শ্বুটিঙৰ চেটৰ পৰা ওলাই যোৱাৰ সময়ত তেওঁৰ লগত সংঘটিত হয় সেই অনাকাংক্ষিত ঘটনাটো ৷ মিলানৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে শোকৰ ছাঁ পৰে চলচ্চিত্ৰ জগতখনত ৷
ইফালে বহু চলচ্চিত্ৰ ব্যক্তিয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । চেন্নাইত জন্মগ্ৰহণ কৰা মিলান ফাৰ্নাণ্ডেজে ১৯৯৯ চনত তামিল চলচ্চিত্ৰ জগতত কাম কৰিবলৈ আৰম্ভ কৰে । প্ৰথম অৱস্থাত মিলানে জনপ্ৰিয় কলা নিৰ্দেশক ছাবু চাইৰিলৰ সৈতে কাম কৰিছিল ।