চিটাৰা ডেস্ক, 24 নৱেম্বৰ :বলীউড আৰু মাৰাঠী মঞ্চ, চিনেমা আৰু টিভি জগতৰ প্ৰবীণ অভিনেতা বিক্ৰম গোখালেৰ স্বাস্থ্যৰ অৱনতি ঘটিছে ৷ বিগত কিছুদিনৰ পৰা হাস্পতালত ভৰ্তি হৈ থকা অভিনেতাজনৰ বুধবাৰে সন্ধিয়াৰ ভাগত স্বাস্থ্যৰ অধিক অৱনতি ঘটে ৷ 77 বছৰীয়া অভিনেতাজনে যুঁজিছে জীৱন-মৃত্যুৰে সৈতে ।
একাধিক ৰোগত আক্ৰান্ত হৈ দীননাথ মংগেশকাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা গোখালেৰ স্বাস্থ্য সম্পৰ্কত শেহতীয়াকৈ তেখেতৰ কন্যাই জানিবলৈ দিয়া মতে, তেওঁ বৰ্তমানে সংকটজনক অৱস্থাত আছে ৷ লাইফ চাপো’ৰ্ট চিষ্টেমত জীয়াই আছে তেওঁ (Vikram Gokhale health update) ৷ তেখেতৰ কন্যাই লগতে সকলোকে আহ্বান জনাইছে যে, এনেকুৱা কঠিন মুহূৰ্তত উৰা বাতৰি নিবিয়পাই পিতৃৰ স্বাস্থ্যৰ উন্নতিৰ বাবে যাতে সকলোৱে প্ৰাৰ্থনা জনাই ভগৱানৰ ওচৰত ৷
প্ৰাপ্ত খবৰ অনুসৰি, বিগত 15 দিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ থকা অভিনেতাজনৰ বুধবাৰৰ পৰা স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ পিছতে নানা ধৰণৰ উৰাবাতৰি বিয়পিবলৈ আৰম্ভ কৰে ৷ মৃত্যুৰ বাতৰিয়ে ছ’চিয়েল মিডিয়াত তোলপাৰ লগাবলৈ আৰম্ভ কৰে ৷ বহুতে আনকি অভিনেতাজনক শেষ শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে ৷ এইসমূহ দেখি পৰিয়ালৰ লোকসকলক মানসিক অশান্তিত ভোগে ৷ অৱশেষত অভিনেতাজনৰ জীয়েকে স্পষ্টীকৰণ দিয়ে যে, ‘দেউতা জীয়াই আছে, আপোনালোকে তেওঁৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওক’ ৷