চিটাৰা ডেস্ক, 13 আগষ্ট :ৰাজু শ্ৰীবাস্তৱৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰা এক বিবৃতিত পৰিয়ালৰ লোকে কয় যে তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ । বুধবাৰে হৃদ ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছিল ৫৮ বছৰীয়া ষ্টেণ্ড আপ কমেডিয়ানজন ৷ সেইদিনাই তেওঁৰ এঞ্জিঅ’প্লাষ্টিও (angioplasty) কৰা হৈছিল ।
ৰাজু শ্ৰীবাস্তৱৰ পৰিয়ালে দিয়া বিবৃতিটোত লিখা হৈছে- "মৰমৰ অনুৰাগীসকল, ৰাজু শ্ৰীবাস্তৱ জীৰ অৱস্থা বৰ্তমানে সুস্থিৰ । আমি তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো । চিকিৎসক সকলে তেওঁৰ চিকিৎসা কৰি আছে আৰু যৎপৰোনাস্তি চেষ্টা কৰি আছে । সকলো শুভাকাংক্ষীলৈ তেওঁলোকৰ অবিৰত মৰম আৰু সহায়ৰ বাবে ধন্যবাদ । অনুগ্ৰহ কৰি প্ৰচাৰ হোৱা যিকোনো ধৰণৰ উৰাবাতৰি/ভুৱা বাতৰি আওকাণ কৰি চলক । অনুগ্ৰহ কৰি তেওঁৰ বাবে প্ৰাৰ্থনা কৰক" ৷